ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান নলবাৰীৰ উদ্যোগত বৰবিলা-কাছিমপুৰত স্বাস্থ্য শিবিৰ
বিশেষ বাৰ্তা, ২৫ ছেপ্টেম্বৰ : ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, নলবাৰীৰ উদ্যোগত ২৩ ছেপ্টেম্বৰত বিশেষ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয় । বৰবিলা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ১নং প্ৰাথমিক কাছিমপুৰ প্ৰাথমিক বিদ্যালয়ত আয়োজিত এই শিবিৰত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: উমেশ ফাংচুৰ উপৰি মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা: মইনুল হক, ডা: পৰীক্ষিত বৰ্মন, বৰবিলা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া ডা: মৃদুল আহমেদ,জিলা আঁচনি বিষয়া মিনাক্ষী বৰপূজাৰী প্ৰমূখ্যে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত আছিল । এই শিবিৰত সকলো বয়সৰ ব্যক্তিৰ স্বাস্থ্য বিশেষকৈ প্ৰসূতি আৰু শিশু স্বাস্থ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল । তদুপৰি যক্ষ্মা আৰু মেলেৰীয়া পৰীক্ষা,ক’ভিড ভেকচিন প্ৰদান,বিনামূলীয়া ঔষধ বিতৰণৰ ওপৰিও প্ৰায়কেইটা বিভাগৰ বিশেষজ্ঞ চিকিৎকসকল উপস্থিত আছিল । সুস্বাস্থ্যৰ উপৰিও ৰুচিসন্মত জীৱনশৈলী মানুহৰ মাজত সম্প্ৰসাৰণৰ লগতে ভৱিষ্যত প্ৰজন্মক স্বাস্থ্যবান কৰি তোলাৰ মহৎ উদ্দেশ্য আগত ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । স্বাস্থ্য সাক্ষৰতাৰ সমান্তৰালভাৱে সামগ্ৰিক স্বাস্থ্য,বৈজ্ঞানিক মানসিকতা আৰু সুস্থতাৰ ওপৰত এই স্বাস্থ্য শিবিৰে ইতিবাচক প্ৰভাৱ পেলাব । স্বাস্থ্য শিবিৰত উপস্থিত থাকি যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: উমেশ ফাংচুৱে কয় যে স্বাস্থ্যৰ ক্ষেত্ৰত কৰা উপেক্ষা আৰু অপেক্ষা দুয়োটাই বিপদজনক । ঔষধ সেৱন কৰি ৰোগ নিৰাময়ৰ বাবে কৰা চেষ্টাতকৈ প্ৰাকৃতিকভাৱে আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তোলাটোহে প্ৰয়োজনীয় । স্বাস্থ্যৰ ক্ষেত্ৰত কৰা আপোচে মানুহৰ জীৱনলৈ অমানিশা কঢ়িয়াই আনে । ৰোগমুক্ত জীৱনশৈলীৰ জৰিয়তে ব্যক্তিগত আৰু সামূহিক স্তৰত এক নতুন মনোভাৱ ৰোপণ কৰিবলৈ আমি কাম কৰি আছো । এই স্বাস্থ্য শিবিৰৰ জৰিয়তে জনগণ বহু পৰিমাণে উপকৃত হৈছে । অনাগত দিনতো এনে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হ’ব বুলি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা অৱগত কৰিছে ।