স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ আমচৈ চাহ বাগিচা ভ্ৰমণ
নিয়মীয়া বাৰ্তা, ২৫ মে’৬৭ গৰাকী ক’ৰোনা আক্ৰান্ত থকা আমচৈ চাহ বাগিচাত আজি অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই বাগিচাখনত উপস্থিত হৈ ক’ৰোনা আক্ৰান্ত সকলৰ স্বাস্থ্যৰ বুজ লয় । মন্ত্ৰী গৰাকীয়ে বাগিচাখনৰ থকা তিনিটা কোৱান্টাইন শিবিৰত গৈ আক্ৰান্ত সকলৰ খাদ্য সামগ্ৰী, ঔষধ- পাতি ইত্যাদি ঠিক মতে পাইছে নে নাই খবৰ লোৱাৰ উপৰি বাগিচাখনৰ কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা অঞ্চলৰ বা বাসিন্দাসকলৰ মাজত নিজে চাউল,দালি, মিঠাতেল, কণী আদি সামগ্ৰী সম্পূৰ্ণ খন ক’ৰোনা বিধি মানি বিতৰণ কৰে । আমচৈ চাহ বাগিচাৰ ক’ৰোনা আক্ৰান্ত সকলৰ তদাৰকৰ দায়িত্ব পালন কৰা ৰহা চক্ৰৰ চক্ৰ বিষয়া ডঃ প্ৰিয়ঙ্কা বণিয়া, দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়া পৰিস্মিতা শইকীয়া, নগাঁও জিলাৰ স্বাস্থ্য বিষয়াসকল মন্ত্ৰী গৰাকীৰ ভ্ৰমণৰ সময়ত বাগিচাখনত উপস্থিত থাকে ।