ওৰাং আৰক্ষীৰ ব্যতিক্ৰমী পদক্ষেপঃ হেলমেট পৰিধান নকৰা লোকক হেলমেট উপহাৰ
নিয়মীয়া বাৰ্তা,১৩ ডিচেম্বৰঃ ওদালগুৰি জিলাৰ ওৰাং আৰক্ষীৰ ব্যতিক্ৰমী পদক্ষেপ । মটৰ চাইকেলত হেলমেট পৰিধান নকৰা সকলক আৰোহীসকলৰ টকাৰে হেলমেট ক্ৰয় কৰাই আনি লগে লগে আৰক্ষীয়ে হেলমেট পৰিধান কৰাই দিয়ে । আন একাংশ হেলমেট পৰিধান নকৰা সকলক জৰিমনা বিহিছে ৷ জানিব পৰা মতে, ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক আজি ১৩ ডিচেম্বৰত ওৰাং আৰক্ষী থানাৰ কাষত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ব্যতিক্ৰমী দেখা যায় । কাৰণ ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই মটৰ চাইকেল দুৰ্ঘটনাত বহু লোক মৃত্যু মুখত পৰিছে । ৰাষ্ট্ৰীয় ঘাইপথত ঘটি থকা দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিবৰ বাবে হেলমেট নিপিন্ধা মটৰচাইকেল আৰহী সকলক জৰিমনা বিহিছে ৷ আন একাংশক হেলমেট নিপিন্ধা সকলৰ টকাৰে আৰক্ষীয়ে এটা কৈ হেলমেট ক্ৰয় কৰাই আনি আৰক্ষীয়ে পিন্ধাই দিছে হেলমেট ৷ যাৰ কাৰণে আজি ১৩ ডিচেম্বৰত ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক ৰাষ্ট্ৰীয় ঘাইপথত এক ব্যতিক্ৰমী ৰূপত দেখা যায় ।