প্ৰতি খোজতে মৃত্যুৰ ভয়! তথাপিও সুদীৰ্ঘ ১৩ বছৰে যুঁজ দি গৈছে হিমাদ্ৰীয়ে
মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান--মোক উদ্ধাৰ কৰক, জীৱনটো বচাওঁক; তিনিবাৰকৈ বৃক্ক সংৰোপন শিক্ষয়িত্ৰী হিমাদ্ৰীৰ
নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট: জীয়াই থকাৰ এখন কঠোৰ সংগ্ৰাম!জীৱন আৰু মৃত্যুৰ সংগ্ৰাম!প্ৰতি খোজতে মৃত্যুৰ ভয়!তথাপিও সুদীৰ্ঘ ১৩ বছৰে যুঁজ দি গৈছে এগৰাকী যুৱতীয়ে। জীয়াই থকাৰ দুৰ্বাৰ হেপাহ!মৃত্যুৰ ভয়ে খেদি ফুৰা স্বত্বেও তিল তিলকৈ জীয়াই আছে যুৱতী গৰাকী। হয়,মৰাণৰ ৰাইদঙীয়া গাঁৱৰ অৱসৰী আৰক্ষী অতুল চুতীয়া আৰু দীপিকা চুতীয়াৰ কন্যা হিমাদ্ৰী চুতীয়াই এনেদৰেই বিগত ১৩ টা বসন্ত পাৰ কৰিছে এক দুৰ্বিসহ জীৱনৰ মাজেৰে।
মোৰ দেউতাই যোৱা ১৩ বছৰে মোক জীয়াই ৰাখিবলৈ জীৱনৰ কষ্টোপাৰ্জিত সৰ্ব্বোচ্চ শেষ কৰিছে।আজিও তেওঁ এই ক্ষেত্ৰত হাৰ মানিব বিছৰা নাই।দেউতাই এতিয়া মোৰ একমাত্ৰ সাহস,জীৱনৰ প্ৰদীপ।কিন্ত তেওঁ যেন এতিয়া ভাগৰি পৰিছে।চৰম হতাশাই এতিয়া সকলোফালৰ পৰা আবৰি ধৰিছে।একেবাৰে উপায়হীন হৈ পৰিছে দেউতা–অতি আৱেগৰে কথাখিনি কৈ জীয়াই থকাৰ অযুত হেঁপাহৰে মৰাণৰ টেট শিক্ষয়ত্ৰী হিমাদ্ৰী চুতীয়াই চকুলো সামৰিলে।
-হয়, মৰাণৰ ৰাইদঙীয়া গাওঁৰ দোমৰ দলঙ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী হিমাদ্ৰী চুতীয়াই শিক্ষাদানৰ সমান্তৰালকৈ কেৱল জীয়াই থকাৰ বাবেই চকুলো টুকি টুকি নিৰবে যুঁজ দি গৈছে।হিমাদ্ৰী আৰু পৰিয়ালে জানিবলৈ দিয়া অনুসৰি একুৰি বয়সতে অৰ্থাৎ বিগত ২০০৯ চনৰ পৰাই কিডনীৰ ৰোগত ভুগিব লগা হৈছিল হিমাদ্ৰী।সেয়ে ২০১০ চনত নিজ মাতৃ দীপিকাৰ এটি বৃক্কৰে প্ৰথমবাৰৰ বাবে কিডনী সংৰোপণ কৰিব লগা হয়।কিন্তু চাৰিবছৰৰ পাছতেই সংৰোপিত কিডনীটো বিকল হোৱাত পুনৰ ২০১৬ চনত দ্বিতীয়বাৰ কিডনী সংৰোপণ কৰিব লগাত পৰে।কিন্ত এইবাৰো বিশেষ এবিধ ভাইৰাছৰ বাবে সংৰোপিত কিডনীটো লাহে লাহে বিকল হবলৈ ধৰে।বহুদিন চিকিৎসা কৰিও কিডনীটো ভালে ৰাখিব পৰা নগল।
বিগত ১৩ বছৰে বৃক্ক ৰোগত ভোগী থকা হিমাদ্ৰীৰ পৰিয়ালে চিকিৎসাৰ নামত এতিয়া সকলো হেৰুৱাই পেলাইছে,কেৱল সেয়াই নহয় মানসিকভাবেও কিছু ভাগি পৰিছে।কিন্তু নিজ সন্তানৰ অপাৰ বেদনা সহি থাকে কেনেকৈ?সেয়ে তৃতীয়বাৰৰ বাবে বৃক্ক সংৰোপন কৰাৰ পৰিকল্পনাৰে কলিকতাস্থিত ৰবীন্দ্ৰ নাথ ঠাকুৰ হস্পিটেলত ভৰ্তী হৈছিল কেন্দ্ৰীয় চৰকাৰী স্বাস্থ্য আঁচনিৰ(চিজিএইচ)আধাৰত চিকিৎসাৰ সুবিধাৰ আশাৰে।কিন্ত সেই আশাও পূৰ্ণ নহল।হঠাৎ কেন্দ্ৰীয় চৰকাৰী আঁচনিখন বন্ধ হৈ যোৱাত পৰিয়ালটিৰ মোৰত সৰগ ভাগি পৰে বুলি পিতৃ অতুল চুতীয়াই সদৰী কৰে।তথাপিও নিজ হিয়াৰ আমঠুক কষ্ট দি ৰাখে কেনেকৈ!সেয়ে যোৱা জানুৱাৰী মাহৰ পৰা এক দীঘলীয়া আইনী আৰু চৰকাৰী মেৰপাকৰ মাজেৰে যোৱা ১৯ জুলাইত বৃক্ক সংৰোপনৰ বাবে আপত্তি বিহীন প্ৰমাণ পত্ৰ লাভ কৰাত যোৱা ৭ জুলাইত কলকতাৰ ৰবীন্দ্ৰ নাথ ঠাকুৰ হস্পিটেলত তৃতীয় বাৰৰ বাৱে বৃক্ক সংৰোপনৰ বাবে ভৰ্ত্তি হয়।সেই মৰ্মে ১২ জুলাইত বৃক্ক সংৰোপন কৰাৰ পাছত ১৪ জুলাইত হঠাৎ হিমাদ্ৰীৰ শৰীৰত অস্বাভাৱিকতা আহি পৰাৰ লগতে নতুনকৈ সংৰোপন কৰা বৃক্কটো ফাটি পৰে।পিতৃ অতুল চুতীয়াই অভিযোগ কৰা মতে চিকিৎসকে নিদিষ্ট এটা পৰীক্ষা(পি আৰ এ) সম্পন্ন নকৰাৰ বাবেই বৃক্ক সংৰোপন ফলপ্ৰসূ নহল।বিগত ১৪ দিন কেৱল চেলাইন আৰু অক্সিজেন দি ভেন্টিলেচনত ৰখাৰ পাছত যোৱা ২৮ জুলাইত হস্পিটেলৰ পৰা ৰিলিজ দিয়ে।পিতৃ অতুল চুতীয়াই সদৰী কৰা অনুযায়ী ভাৰতৰ উক্ত হস্পিটেলতে কেৱল বৃক্ক দান কৰা লোকৰ বৃক্ক মানৱ দেহত সংৰোপন কৰা হয়।তাৰোপৰি হস্পিটেলৰ আইনী প্ৰক্ৰিয়াৰ বাবেই ৪২ হাজাৰ টকা দিব লগা হয়।বৃক্ক সংৰোপনৰ পাছত ৰোগীক লক্ষাধিক টকাৰ এটিচি নামৰ এক ইনজেকচন দিব লাগে যদিও হিমাদ্ৰীৰ ক্ষেত্ৰত দিয়া নহল বুলিও গুৰুতৰ অভিযোগ কৰে পিতৃ অতুল চুতীয়াই।লগতে উক্ত বৃক্ক সংৰোপনৰ বাবদ ব্যয় হোৱা ২২ লাখ টকা ঘূৰাই বিছাৰি শ্ৰীঘেই আদালতৰ দাৰস্থ হব বুলিও জানিবলৈ দিয়ে।
এতিয়া যুৱতী শিক্ষয়িত্ৰী হিমাদ্ৰীয়ে দৈনিক দুবাৰকৈ ডায়েলেচিচ কৰাৰ অবিহনে কোনো বিকল্প পথ নোহোৱা হৈ পৰিছে।সকলো দুৱাৰেই ৰুদ্ধ হৈ পৰিছে পৰিয়ালটিৰ বাবে।চৰকাৰী আঁচনিখনো বন্ধ হৈ পৰাত বিমোৰত পৰিছে পৰিয়ালটি।সেয়ে জীয়াই থকাৰ অযুত হেঁপাহেৰে তথা শিশু সকলক মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে হিমাদ্ৰীৰ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান–মোক উদ্ধাৰ কৰক,জীৱনটো বচাওঁক।