১১ ফেব্রুৱাৰীত ২০২১–২২ বর্ষৰ লেখানুদান দাখিল কৰিব বিত্তমন্ত্রীয়ে
নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ অহা ১১ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন৷ আসন্ন বিধানসভা নির্বাচনৰ পৰিপ্রেক্ষিতত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব এই অধিৱেশন৷ বিধানসভা সচিবালয়ে জানিবলৈ দিয়া মতে, ৰাজ্যপাল প্রফেছৰ জগদীশ মুখীৰ ভাষণেৰে ১১ ফেব্রুৱাৰীৰ পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হ’ব সদনৰ কার্যসূচী৷
ৰাজ্যপালৰ ভাষণৰ পাছতেই সেই দিনাই সদনত বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ২০২১–২২ বিত্তীয় বর্ষৰ প্রথম তিনি মাহৰ বাবে লেখানুদান দাখিল কৰিব৷ বিধানসভা নির্বাচনৰ পৰিপ্রেক্ষিতত পূর্ণাংগ বাজেটৰ পৰিৱর্তে সাংবিধানিক বিধি–ব্যৱস্থা অনুসৰি লেখানুদান দাখিল কৰিব৷ ১২ ফেব্রুৱাৰীত লেখানুদানৰ ওপৰত আলোচনা চলিব৷ অহা ১৩ ফেব্রুৱাৰী অর্থাৎ অন্তিম দিনা লেখানুদান গৃহীত হ’ব৷