ঠিকাভিত্তিক শিক্ষকৰ অনিশ্চয়তা দূৰীকৰণঃ শিক্ষামন্ত্ৰীৰ প্ৰদক্ষেপক আদৰণি মৰিগাঁও জিলা মাধ্যমিক ঠিকা ভিত্তিক শিক্ষক সন্থাৰ
নিয়মীয়া বাৰ্তা, ১১ জুন: অসমৰ প্ৰাদেশীকৃত মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত ঠিকা ভিত্তিক শিক্ষক-শিক্ষয়িত্ৰী সকলৰ চাকৰি অনিশ্চয়তাৰ দীৰ্ঘ দিনীয়া সমস্যা বৰ্তমানৰ দূৰদৰ্শী শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা ৭ জুন তাৰিখে সংবাদ মেল যোগে সমাধান কৰি সকলোকে প্ৰায় নিয়মীয়া শিক্ষকৰ দৰে সা সুবিধা আৰু মৰ্যদা প্ৰদান কৰাৰ বাবে শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক মৰিগাঁও জিলাৰ সমূহ ঠিকা ভিত্তিক শিক্ষকৰ হৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে মৰিগাঁও জিলা মাধ্যমিক অতিৰিক্ত (ঠিকা ভিত্তিক ) শিক্ষক সন্থাই ।
সংগঠনটোৱে শিক্ষামন্ত্ৰীৰ নেতৃত্বত অসমে প্ৰগতিৰ দিশলৈ ধাৱমান হব বুলি আশা প্ৰকাশ কৰিছে