নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেজেৰাত ৰামধেনুৰ উদ্যোগত ড০ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন পালন

নিয়মীয়া বাৰ্তা, ১ ফ্ৰেব্ৰুৱাৰীঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৫৩সংখ্যক ওপজা দিন বেজেৰাৰ সামাজিক অনুষ্ঠান ৰামধেনুৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। পুৱা বেজেৰা সামূহিক স্বাস্থ্য কেন্দ্ৰত গছপুলি ৰোপণেৰে আৰম্ভ কৰা অনুষ্ঠানত বেজেৰা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ উপ-অধীক্ষক চবিন দাসে গছপুলি ৰোপণ কৰে।

ইয়াৰ পিছত শৰাইঘাট ম‌ইনা পাৰিজাতৰ কণ কণ শিশুসকলৰ মাজত মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে কেক কাটি কাৰ্যসূচী মুকলি কৰা হয়। ইয়াৰ পিছত শৰাইঘাট ম‌ইনা পাৰিজাতৰ কণ কণ শিশুসকলৰ মাজত এখন সভা অনুষ্ঠিত হয়।

দুই শতাধিক লোক উপস্থিত থকা সভাত সভাপতিত্ব কৰে অনুষ্ঠানটোৰ সভাপতি পুৰন্দৰ চৌধুৰীয়ে। ৰামধেনুৰ সাহিত্য সম্পাদক নৱজ্যোতি বৰ্মনে আঁত ধৰা আৰু সাধাৰণ সম্পাদক তপন ডেকাই উদ্দেশ্য বাখ্যা কৰা সভাত ধৰ্মপ্ৰাণ মহিলা তথা কবি উৰ্ব্বশী চৌধুৰী, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ চন্দ্ৰকান্ত গোস্বামী, আগডলা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য মনোজ কাকতি, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰভাত নাথ, শৰাইঘাট ম‌ইনা পাৰিজাতৰ সভাপতি কমলাকান্ত নাথ, সমাজকৰ্মী বনজিৎ ডেকাসহ গণ্য মান্য ব্যক্তি উপস্থিত থাকি ড০ হিমন্ত বিশ্ব শৰ্মাৰ শৈশৱ কালৰ বিষয়ে ভাষণ আগবঢ়ায়।

You might also like