পিতৃগৃহত যুৱকৰে অসংযত অৱস্থাত দেখি পত্নীক ঘপিয়ালে স্বামীয়ে
নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ পতিৰ লগত কাজিয়া কৰি মাতৃঘৰত আশ্রয় লৈ পৰকীয়া প্রেমত মচগুল থকা পত্নীক স্বামীয়ে ঘপিয়াই দিয়া ঘটনাই হোজাইত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ হোজাইৰ বুঢ়ীগাঁও কালাপানীত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা৷ স্বামী নজৰুল হকৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত হয় পত্নী চুৰাইয়া বেগম৷
পাছত আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্রেৰণ কৰিছে৷ ইফালে, স্বামী নজৰুল হকক ৰাইজে উত্তম–মধ্যম দি আৰক্ষীক চমজাই দিয়ে৷
উল্লেখ্য যে বুঢ়ীগাঁও কালাপানীৰ চুৰাইয়া বেগমৰ বিয়া হৈছিল মোৰাঝাৰৰ কৰৈয়নি গাঁৱৰ নজৰুল হকৰ লগত৷ পাৰিবাৰিক কন্দলৰ বাবে পত্নীয়ে স্বামীগৃহ ত্যাগ কৰি পিতৃগৃহত আশ্রয় লয়৷ আজি স্বামী নজৰুল হক শহুৰৰ ঘৰৰ উপস্থিত হৈ বেগত লৈ অনা দাৰে পত্নী চুৰাইয়াক উপর্যুপৰি ঘপিয়াই হত্যাৰ চেষ্টা কৰে৷
ইফালে, পত্নীক আন যুৱকৰ লগত অসংযত অৱস্থাত পোৱা বাবেই স্বামীয়ে হিতাহিত জ্ঞান হেৰুৱাই পত্নীক আক্রমণ কৰিছিল বুলি নজৰুল হকে মন্তব্য কৰে৷ বর্তমান নজৰুল আৰক্ষীৰ জিম্মাত৷