নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইৰ নিশা চাঞ্চল্যকৰ ঘটনা : মহিলা ইউটিউবাৰক দুই যুৱকে ধৰ্ষণৰ চেষ্টা

নিয়মীয়া বার্তা, নৱেম্বৰ:- ইউটিউব কৰাৰ বাবেই কাল হ’ল হোজাই জয়ন্তীয়াবস্থিৰ এইগৰাকী মহিলাৰ৷ মহিলাগৰাকীৰ স্বামী বিদেশত থকাৰ সুযোগত মহিলাগৰাকীক দীৰ্ঘদিনৰ পৰা স্বামীৰ আত্মীয়ই ভাবুকি দি আহিছিল৷ মুছলিম মহিলা হৈ ইউটিউবৰ পৰা বিৰত থাকিবলৈ মহিলাগৰাকীক ভাবুকি দিছিল স্বামীৰ আত্মীয় সহ দুই যুৱকে ৷

যোৱা নিশা ঘৰত কোনো পুৰুষ নথকাৰ সুযোগত দুই যুৱকে মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ কৰি শালীনতা হানিৰ চেষ্টা কৰে৷ অকল ইমানেই নহয় মহিলাগৰাকীৰ শৰীৰৰ বিভিন্ন ঠাইত আঘাত কৰাৰ উপৰিও ইউটিবাৰ গৰাকীক ৰক্ষা কৰিবলৈ অহা ভনীয়েকৰ কাপোৰ ফালি পেলায় উদণ্ড যুৱকদ্বয়ে৷ ইউটিউবাৰ গৰাকীৰ চিঞৰ বাখৰ শুনি বৃদ্ধ-পিতৃ মাতৃয়ে ৰক্ষা কৰিবলৈ চেষ্টা কৰে যদিও তেওঁলোককো মাৰপিট কৰি আহত কৰে দুই যুৱক আৰু যুৱকদ্বয়ৰ লগত অহা এটা দলে৷

উল্লেখ্য যে ছাজন নামৰ যুৱকজনে মহিলাগৰাকীক মোবাইলত দীৰ্ঘদিনৰ পৰা অশ্লীল ভিভিঅ প্ৰেৰণ কৰাৰো অভিযোগ কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে৷ ঘটনা সংক্ৰান্তত মহিলাগৰাকীয়ে নীলবাগান আৰক্ষী পহৰা চকীত মঞ্জু আৰু জবলুক নামৰ দুজন যুৱকক অভিযুক্ত কৰি এটা গোচৰ তৰাত আৰক্ষীয়ে ভা দ বিৰ 109/376/511/ 325 ধাৰাৰ অধীনত 747/21 নং এক গোচৰ ৰুজু কৰিছে৷ ইফালে অভিযুক্ত পৰিয়ালে ইউটিবাৰ গৰাকীৰ এই অভিযোগক অস্বীকাৰ কৰি এয়া ধনৰ লেনদেনৰ বাবেহে কাজিয়া হোৱা বুলি মন্তব্য কৰে৷ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত চলাই আছে৷

You might also like