ৰোগৰ ওচৰত পৰাজয় স্বীকাৰ নকৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰা মৰিগাঁওৰ ৰিয়াজলৈ আৰ্থিক সহায় যুৱ ব্যৱসায়ী নাৰায়ণ দাসৰ
নিয়মীয়া বার্তা আৰু নিউজ লাইভ ত ৰিয়াজ ৰ বাতৰি পৰিবেশনৰ পিছত সহায়ৰ বাবে আগবাঢ়ি আহিল ব্যৱসায়ী জন
নিয়মীয়া বাৰ্তা ১৫ জুনঃ আত্মবিশ্বাস আৰু মনোবল থাকিলে যে যিকোনো প্ৰত্যাহ্বান নেওচি আগুৱাই যাব পাৰি সেইটো প্ৰমাণ কৰি দুবছৰ ধৰি কৰ্কট ৰোগৰ সৈতে যুদ্ধ কৰি অহা মৰিগাঁও জিলাৰ জালুগুটিৰ তকোনাৱৰীৰ ৰিয়াজ আলীয়ে এইবাৰ ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৫ শতাংশ নম্বৰৰে জিলিকি উঠে। পিতৃৰ একেই দুৰাৰোগ্য ৰোগৰ চিকিৎসা চলি থকাৰ সময়তে ৰিয়াজ নিজেও কৰ্কট ৰোগৰ আক্ৰান্ত হোৱাৰ পিছতো লাভ কৰা এই সফলতাৰ বিষয়ে নিয়মীয়া বার্তা আৰু নিউজ লাইভ ত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে মৰিগাঁওৰ যুৱ ব্যৱসায়ী তথা নাৰু ৰেষ্টুৰেণ্ট স্বত্বাধিকাৰী নাৰায়ণ দাসে (নাৰু) আজি ৰিয়াজৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি অনাগত শিক্ষা বৰ্ষৰ বাবে নগদ ১০হাজাৰ টকা আগবঢ়োৱাৰ লগতে পৰৱৰ্তী সময়তো সহায় কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে।