শিক্ষার্থীৰ শৈক্ষিক স্বার্থ সুৰক্ষিত হ’ব লাগিব
নিয়মীয়া বাৰ্তা, ১৯ জুনঃ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা বাতিল হ’লেও ছাত্র–ছাত্রীৰ শৈক্ষিক স্বার্থ সুৰক্ষিত হ’বই লাগিব বুলি প্রতিক্রিয়া প্রকাশ কৰিছে সদৌ অসম ছাত্র সন্থা (আছু) আৰু নিখিল বড়ো ছাত্র সন্থাই (এবছু)৷ শুকুৰবাৰে জনতা ভৱনত অনুষ্ঠিত বৈঠকত অংশগ্রহণৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই কয় যে এই বিষয়টো অত্যন্ত জৰুৰী বিষয়৷ কিয়নো ইয়াৰ লগত ছাত্র–ছাত্রীৰ স্বার্থ জড়িত হৈ আছে৷ পৰীক্ষা অনুষ্ঠিত হ’ব নে নহয়, তাক লৈ শিক্ষার্থী আৰু অভিভাৱকৰ মাজত উদ্বিগ্ণতা চলি অহাৰ সময়তে আজি এই বৈঠক অনুষ্ঠিত হৈছে৷
তেওঁ কয়– ‘চি বি এছ ইকে ধৰি বহু ৰাজ্যই ইতিমধ্যে পৰীক্ষা বাতিল কৰিছে৷ আমি তেতিয়াই পৰীক্ষা বাতিলৰ বিষয়টো চিন্তা–চর্চা কৰিবলৈ আহ্বান জনাইছিলোঁ৷ কিন্তু সেই সময়ত কোৱা হৈছিল যে পৰীক্ষা অনুষ্ঠিত নকৰাৰ কোনো বিকল্প নাই৷ সেয়েহে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বিভিন্ন সূত্র উদ্ভাৱন হৈছিল৷ কিন্তু আজিৰ সভাত স্বাস্থ্য বিভাগে প্রতিবেদন দিছে যে সদ্যহতে পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰিৱেশ ৰাজ্যত নাই৷ আমি প্রতিখন বৈঠকত তিনিটা বিষয় নিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰি আহিছোঁ৷ প্রথম, শিক্ষার্থীৰ শৈক্ষিক বর্ষ নষ্ট হ’ব নোৱাৰিব৷ তদুপৰি শিক্ষার্থীৰ শৈক্ষিক স্বার্থ সুৰক্ষিত হ’বই লাগিব আৰু স্বাস্থ্যৰ কোনো ক্ষতি হ’ব নোৱাৰিব৷ চূড়ান্ত পৰীক্ষা বাতিল হ’লেও মূল্যায়নৰ বাবে বিশিষ্ট শিক্ষাবিদৰ নেতৃত্বত কমিটী গঠন কৰিব৷ আমি আজিও সময়ভিত্তিকভাৱে প্রতিটো সিদ্ধান্ত গ্রহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছিলোঁ৷ কমিটী কেতিয়া গঠন কৰা হ’ব, কেতিয়া ফলাফল ঘোষণা কৰা হ’ব, ইয়াৰ সময় নির্ধাৰণ কৰিবলৈ আমি বাৰম্বাৰ দাবী উত্থাপন কৰিছিলোঁ৷ যাৰ বাবে কাইলৈৰ ভিতৰত কমিটী গঠন কৰি ৩১ জুলাইৰ পূর্বে ফলাফল ঘোষণাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ পৰীক্ষাক লৈ ইতিমধ্যেই ছাত্র–ছাত্রীৰ মনত যথেষ্ট মানসিক চাপ পৰিছে৷ এই সমগ্র প্রক্রিয়াৰ জৰিয়তে ছাত্র–ছাত্রীৰ স্বার্থ সুৰক্ষিত হ’বই লাগিব৷ কিয়নো সাম্প্রতিক পৰিস্থিতিৰ বাবে শিক্ষার্থীসকলৰ গাত কোনো দোষ নাই৷’ একে সময়তে মূল্যায়নৰ ফর্মুলা উদ্ভাৱনৰ বাবে গঠন কৰিবলগীয়া বিশেষজ্ঞ কমিটীক শিক্ষার্থীৰ স্বার্থৰ সুৰক্ষা প্রদান কৰাৰ বিষয়টোত সর্বাধিক গুৰুত্ব আৰোপ কৰিবলৈ আছুৱে আহ্বান জনাইছে৷
আছুৰ সভাপতি দীপাংক কুমাৰ নাথে পৰীক্ষা বাতিল সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি কয় যে প্রতিকূল পৰিস্থিতিৰ বাবে এনে সিদ্ধান্ত গ্রহণ কৰিবলগীয়া হৈছে৷ ক’ভিড পৰিস্থিতিৰ বাবে যাতে শিক্ষার্থীসকলৰ শৈক্ষিক বর্ষ নষ্ট নহয়, তাৰ ওপৰত আছুৱে সদায় গুৰুত্ব আৰোপ কৰি আহিছে৷ শিক্ষার্থীসকলক ন্যায় দিবই লাগিব৷ তেওঁ কয়– ‘স্বাস্থ্য বিভাগৰ প্রধান সচিবে বৈঠকত প্রদর্শন কৰা তথ্য অনুসৰি শূন্যৰ পৰা ১৮ বছৰ বয়সৰ বহু লোক আক্রন্ত হৈছে ক’ভিডত৷ ছাত্র–ছাত্রীৰ অনুকূলে আজি কোনো প্রতিবেদন বৈঠকত নাহিল৷ আমি সদায় শিক্ষার্থীসকলৰ স্বার্থ আৰু স্বাস্থ্য সুৰক্ষিত কৰাৰ বিষয়ত সর্বাধিক গুৰুত্ব প্রদান কৰি আহিছোঁ৷’
বৈঠকখনত এবছুক প্রতিনিধিত্ব কৰা ছাত্র সংগঠনটোৰ সভাপতি দ্বীপেন বড়োৱে কয় যে ছাত্র–ছাত্রীৰ জীৱনৰ সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি এইক্ষেত্রত সহমত প্রদর্শন কৰিবলগীয়া হ’ল৷ কালিলৈ পৰীক্ষা অনুষ্ঠিত কৰাক লৈ এটা অনিশ্চয়তাৰ সৃষ্টি হৈ আহিছিল৷ আজি এই অনিশ্চয়তা দূৰ হ’ল৷ ছেবা আৰু সংসদৰ সৈতে থকা ৰেকর্ডৰ ভিত্তিত তেওঁলোকে পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব বুলি আজি সদৰী কৰিছে৷ এইক্ষেত্রত চৰকাৰক সদায় সহযোগিতা কৰি যাব বুলিও তেওঁ সদৰী কৰে৷