নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্লিপ্ত প্ৰশাসন : শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত প্ৰকাণ্ড গাঁত

নিয়মীয়া বাৰ্তা, ২০  ছেপ্টেম্বৰঃ শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত থকা আহোম যুগৰ বৰপুখুৰীটোৰ পদ-পথত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গভীৰ গাঁতকেইটা দুটা মাহ অতিক্ৰম কৰাৰ পিছতো পুতিবলৈ সক্ষম নোহোৱাৰ ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বিশেষকৈ যিকোনো সময়তেই পৰ্য্যটক-দৰ্শনাৰ্থী-ভক্ত অথবা সান্ধ্য ভ্ৰমণকাৰী সেই বিপজ্জনক গাঁতত পৰি আহত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ যি ঘটনাক লৈয়েই এতিয়া ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখৰ গভীৰ গাঁত কেইটা পুতিব নোৱাৰা প্ৰশাসনে জিলাখনৰ দুৰ্গম অঞ্চলত কেনে উন্নয়ন সাধন কৰিছে তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে ৷আন নালাগে ইতিহাস বিজৰিত পুখুৰীটোৰ সৌন্দৰ্য্য বৰ্ধন, সংৰক্ষণৰ দায়িত্ব প্ৰকৃততে কোন বিভাগৰ হাতত ন্যস্ত আছে সেইয়াও চৰকাৰী ভাৱে স্পষ্ট কৰাৰ দাবী জনাইছে ৰাইজে ৷ উল্লেখ্য যে আহোম ঐতিহ্য বহন কৰি অহা এই বৰপুখুৰীৰ নান্দনিক সৌন্দৰ্য্যৰ বাবেই প্ৰতিদিনে শিৱসাগৰলৈ আগমণ ঘটে শ শ দেশী-বিদেশী পৰ্য্যটকৰ ৷বিশ্বৰ পৰ্যটন মানচিত্ৰত সগৌৰৱেৰে উজলি থকা এই বৰপুখুৰীৰ পাৰতেই আছে শিৱদৌল, দেৱী দল, বিষ্ণু দল নামৰ তিনিটাকৈ দল ৷এক আধ্যাত্মিক পৰিৱেশৰ মাজত অৱস্থিত এই ঐতিহাসিক বৰপুখুৰীটোৰ নৈসৰ্গিক পৰিৱেশে যি কোনো পৰ্যটককেই হাত বাউলি দি মাতে ৷দল, পুখুৰীক কেন্দ্ৰ কৰিয়েই লক্ষ লক্ষ ভক্তৰ সমাগমেৰে শতিকা জুৰি  অনুস্থিত হৈ আহিছে মহা শিৱৰাত্ৰী মেলা  আৰু পূজা৷ ইফালে আজিলৈকে কেন্দ্ৰীয় অথবা ৰাজ্যিক পুৰাতত্ব বিভাগে দায়িত্ব গ্ৰহণ নকৰা এই ঐতিহাসিক পুখুৰীটোৰ চোৱা চিতাৰ দায়িত্বত আছে জিলা প্ৰশাসন ৷কিন্তু অতি দুৰ্ভাগ্যজনক ভাৱে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখতেই সংঘটিত  হৈছে  বিপদজনক গভীৰ গাঁত কেইটাৰ ৷ স্মৰ্তব্য যে পুখুৰীটোৰ চাৰিওফালে থকা পকী দেৱালৰ সুৰক্ষা নিশ্চিত কৰিবৰ বাবে পুখুৰীটোৰ এক তৃতীয়া অংশত নিৰ্মান কৰা হৈছিল পদ-পথ ৷ব্লক, ইটা, ইত্যাদিৰে নিৰ্মিত প্ৰায় তিনি ফুট ব্যাসাৰ্ধৰ আৰু মূল পথৰ পৰা এফুট উচ্চতাত নিৰ্মিত এই পদ পথটো আছিল পুখুৰীটোৰ অপুৰ্ব নান্দনিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ অহা দৰ্শনাথীৰ বাবে সুৰক্ষিত স্থান ৷ইয়াৰোপৰি পুঁৱা আৰু গধুলি শ শ প্ৰাতঃ-সান্ধ্য ভ্ৰমণকাৰীয়েও এই পদপথৰে খোজ কাঢ়ি পুখুৰীৰ নিৰ্মল বতাহ সেৱনেৰে শৰীৰৰ অৱসাদ দুৰ  কৰিছিল ৷যান বাহনৰ কোনো ধৰণৰ ভিৰ পৰিলক্ষিত নোহোৱা পুখুৰীটোৰ চৌপাশৰ শেহতীয়া পৰিৱেশে সকলো শ্ৰেণীৰ লোককেই উদ্বিগ্ন কৰি তুলিছে ৷ বিশেষকৈ পুখুৰীটোৰ শিৱ দলৰ পিছ ফালৰ পূজা ঘাট খ্যাত অংশটোৰ আশে পাশে সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গভীৰ গাঁত সমূহ চিন্তাৰ অন্য এক কাৰণ হৈ পৰিছে ৷একাংশই সন্দেহ কৰা মতে পুখুৰীটোৰ সুৰক্ষা দেৱালৰ ভিতৰ ফালৰ অংশটোৰ বিভিন্ন স্থান দুৰ্বল হৈ পৰাৰ বাবেই দেৱালৰ বাহিৰৰ অংশত এনেদৰে মাটি বহি গাঁতৰ সৃষ্টি হৈছে ৷ ইয়াৰোপৰি পুখুৰীটোৰ সুৰক্ষা দেৱালখন বিভিন্ন স্থানত ভাঙি পৰাৰ পিছতো আজি পৰ্যন্ত জিলা প্ৰশাসনৰ তৰফৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷কিছু বছৰৰ পূৰ্বে অ এন জি চিৰ সামাজিক দায়বদ্ধ শিতানৰ পৰা দেৱাল নিৰ্মাণ – মেৰামতিৰ ধনতো সমঘটিত হল অনিয়ম ৷লক্ষণীয় ভাৱে চকুৰ সন্মুখত আহোম ঐতিহ্যৰ স্বাক্ষৰবহন কৰি অহা  পুখুৰীটোৰ চৌপাশে সৃষ্টি হোৱা এই ভয়ংকৰ অৱস্থাৰ সম্পৰ্কত  কোনো এটা আহোম জনগোষ্ঠীয় সংগঠনে  মাত এষাৰ মাতিবলৈ আহৰি নোপোৱাতো দুখৰ  বিষয় হিচাবে পৰিগণিত হৈছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like