মৰিগাঁৱৰ চৰাইবাহীৰ সোণাই নৈৰ পাৰত সামৰণি পৰিল হুলোং দ্য থিয়েটাৰ ফেষ্টিভেল ২০২১
নিয়মীয়া বাৰ্তা, ১৬ ফ্ৰেব্ৰুৱাৰীঃ আপুনি হয়তো যাত্ৰা নাটৰ পিছতে বিভিন্ন কলা-কুশলীৰ মঞ্চ নাট উপভোগ কৰিছে ৷ কিন্তু সম্পূৰ্ণ দিনৰ পোহৰত এক প্ৰাকৃতিক পৰিৱেশৰ মাজত অনুষ্ঠিত হোৱা নাট হয়তো উপভোগ কৰা নাই বা কল্পনাও কৰিব পৰা নাই যে দিনৰ পোহৰত এক প্ৰাকৃতিক পৰিৱেশত এনেদৰেও নাট মঞ্চস্থ কৰিব পাৰি ৷
চহৰমুখী নাটকক গাঁৱলৈও ঘূৰাই আনি নাটকৰ শিপাৰ সৈতে যাতে জনগণক সংপৃক্ত কৰিব পাৰি, সেই উদ্দেশ্যৰে মৰিগাঁও জিলাৰ চৰাইবাহীৰ কেইজনমান নাট্যকৰ্মীৰ নেতৃত্বত তত্ত্বান্বেষীৰ উদ্যোগত বিগত দুটা বছৰে অনুষ্ঠিত হৈ আহিছে হুলোং দ্য থিয়েটাৰ ফেষ্টিভেল ৷
সেয়ে এইবাৰো চৰাইবাহীৰ উত্তৰ দিশেৰে বৈ যোৱা সোণাই নৈৰ পাৰত এক প্ৰাকৃতিক পৰিৱেশৰ মাজত দিনৰ পোহৰত প্ৰয়াত দেৱেন নাথ সোঁৱৰণী ক্ষেত্ৰত অনুষ্ঠিত হ’ল তৃতীয় বাৰ্ষিক হুলোং দ্য থিয়েটাৰ ফেষ্টিভেল ২০২১ ৷
দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৭টা নাট্য দলে মঞ্চস্থ কৰা নাট ফেষ্টিভেলৰ শুভ উন্মোচন কৰে অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ তথা মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷
আনহাতে, এই অনুষ্ঠানত উপস্থিত থাকে অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰা ৷ উল্লেখ যে এই ফেষ্টিভেলত নগাঁৱৰ শিল্প কাননৰ নাট – “ বুঢ়ী আইতাৰ সাধু ” , পথভ্ৰষ্ট সোণাপুৰৰ “ অন্তহীন ” , নগাঁৱৰ আন এখন নাট “ এজন ডাক্তৰ আৰু এজাক কুকুৰ ” , ছন্দ মৰিগাঁৱৰ নাট “ সভ্যতা সংকট” , পথাৰ দুলীয়াজানৰ “ ছন্দিত গদ্যত এপিয়লা মদ্য অথবা এটি পদ্য অথবা নৈবদ্য ” , গুৱাহাটীৰ জিৰচং থিয়েটাৰৰ নাট “ বণ্টি পৰু বাৱলী ” আৰু চৰাইবাহী তত্ত্বান্বেষীৰ নাট “ দেউতাৰ নামঘৰ ” মঞ্চস্থ কৰি দৰ্শন ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হয় ৷