তিনিচুকীয়া অসামৰিক চিকিৎসালত ২০ বিছনাযুক্ত ICU মুকলি
নিয়মীয়া বাৰ্তা,২৬ আগষ্টঃ অৱশেষত তিনিচুকীয়া জিলাৰ বহুদিনীয়া এক সমস্যা আৰু প্ৰয়োজনীয় বিষয় ICUৰ প্ৰয়োজনীয়তা পূৰণ কৰিলে স্বাস্থ্য বিভাগে৷ আজি অনাড়ম্বৰ এক কাৰ্যসূচীৰে তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত ২০খন ICU বিশেষ বিছনা মুকলি কৰিলে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে৷ তিনিচুকীয়াৰ নিচিনা ঠাইত ICUৰ ব্যৱস্হা নথকাৰ ফলত ৰোগীসকল ঢাপলি মেলিবলগীয়া হৈছিল ডিব্ৰুগড়লৈ৷ ক’ৰোনা ৰোগৰ এই সময়ত ICUৰ এনে ব্যৱস্থা জৰুৰী হৈ পৰিছিল৷ এনে সময়তে স্বাস্থ্য বিভাগে তিনিচুকীয়াত ২০ খন ICU বিছনা স্হাপন কৰাত এক সকাহ আহিছে জিলাখনলৈ৷ ICU কোঠা মুকলি কৰাৰ সময়ত তিনিচুকীয়াৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণ, তিনিচুকীয়াৰ উপায়ুক্ত ভাস্কৰ পেগু আৰু অন্যান্য চৰকাৰী বিষয়াৰ লগতে স্বাস্থ্য বিষয়াসকল উপস্হিত আছিল৷