ৰাজ্যত অবাধ হাৰত মাৰাত্মক হে’ৰইন ড্ৰাগছৰ সৰবৰাহ
নিয়মীয়া বাৰ্তা ২৫ মেঃ সমগ্ৰ ৰাজ্যতে পুলিচ প্ৰশাসনে ড্ৰাগছ বিৰোধী অভিযান তিব্ৰতৰ কৰি তোলাৰ সময়তে দৈনিক উদ্ধাৰ হৈ আছে এনেবোৰ নিছা জাতীয় সামগ্ৰী ৷ আজি ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখী AS 19 AC 0074 নম্বৰৰ এখন বাছৰ পৰা ৬৪ টা চাবোনৰ কেচত ভৰাই অনা ৬৪ পেকেট হেৰ’ইন জব্দ হয় ৷ বোকাজান মহকুমা আৰক্ষীৰ গোপন খৱৰৰ ভিত্তিত মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত বৰপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱ জ্যোতি বৰা, ভদ্ৰকান্ত বৰা এ এচ আই, চৰণ মোহন চেতিয়া এচ আই খটখটী আৰক্ষী থানা আৰু কেইবাগৰাকী আৰক্ষীৰ নেতৃত্বত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ খাকৰাজান নাকা তালাচিত বাছ খনৰ পৰা বিহৎ পৰিমাণৰ ড্ৰাগছ খিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ উক্ত হেৰ’ইন খিনি দুটা বেগত ভৰাই খটখটী কছাৰী গাৱঁৰ ৰিম্পা হাজৰিকা নামৰ এগৰাকী মহিলাই সৰবৰাহ কৰিছিল ৷ হেৰ’ইন খিনিৰ আন্তৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৬ কুটি টকা হব বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে মহিলা গৰাকীক আতক কৰাৰ লগতে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷