অনৈতিক কার্যঃ বৰপেটাৰোডত ধাবা ছীল, গৰাকীক আটক আৰক্ষীৰ
নিয়মীয়া বাৰ্তা ১৯ মেঃ বৰপেটাৰোড চহৰৰ মাজমজিয়াত অনৈতিক কার্য চলাৰ অভিযোগত এখন ধাবাত অভিযান চলাই ধাবা চলাই থকা মীনাৰুল আবেদিন নামৰ লোকজনক আৰক্ষীয়ে আটক কৰাৰ লগতে ধাবাখন ছীল কৰে৷ বৰপেটাৰোড ৰে’ল ষ্টেচনৰ ওচৰত অৱস্থিত হার্বছ এণ্ড স্পাইচ নামৰ ধাবাখনত অভিযান চলোৱা কালত আৰক্ষীয়ে বহু পৰিমাণৰ ব্যৱহূত তথা অব্যৱহূত কনডম জব্দ কৰে৷
উল্লেখ্য যে বৰপেটাৰোড আৰক্ষী আৰু প্রশাসনে দিনৰ ভাগত বিতর্কিত কংগ্রেছী নেতা–ব্যৱসায়ী মোজাম্মিল হকৰ পত্নী ৰেজিনা বেগমৰ নামত থকা মাটিত অৱস্থিত ধাবাখন কলহভঙাৰ মীনাৰুল আবেদিন নামৰ এজন যুৱকে এবছৰমান ধৰি চলাই আছিল৷ এতিয়াও ধাবাখনত অনৈতিক কার্যকলাপ চলি থকা বুলি পোৱা অভিযোগৰ ভিত্তিত বৰপেটাৰোড থানাৰ ভাৰপ্রাপ্ত বিষয়া চন্দন গোস্বামী আৰু বৰনগৰ ৰাজহ চক্রৰ সংলগ্ণ ৰাজহ চক্র বিষয়া বিপুল ডেকাৰ নেতৃত্বত অতর্কিতে অভিযান চলায়৷ আৰক্ষী বিষয়া চন্দন গোস্বামীয়ে জানিবলৈ দিয়া মতে, ধাবাখনৰ পিছপিনেৰে কেইবাহাল ডেকা–গাভৰু পলাবলৈ সক্ষম হয়৷