পলাশবাৰীত কংগ্রেছ নেতাসহ ২৪৬ লোকৰ অগপত যোগদান
নিয়মীয়া বার্তা, ১৮ ডিচেম্বৰঃ অগপৰ কেন্দ্রীয় সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতাৰ প্রতি আস্থা ৰাখি পলাশবাৰীত অসম গণ পৰিষদত যোগদানৰ ধুম উঠিছে৷ মির্জাত থকা দলৰ কার্যালয় প্রাংগণত সদৌ অসম উকীল সন্থাৰ প্রাক্তন শীর্ষ বিষয়ববীয়া তথা এসময়ত কংগ্রেছৰ টিকটত পলাশবাৰীত নির্বাচন খেলা অধিবক্তা গিৰীন্দ্র কুমাৰ ঠাকুৰীয়াই অগপ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ অধিবক্তা ঠাকুৰীয়াৰ অগপত যোগদানে আগন্তুক নির্বাচনত সমষ্টিটোত যথেষ্ট ইতিবাচক প্রভাৱ পেলোৱাৰ সম্ভাৱনা৷
তদুপৰি কংগ্রেছলৈ বিপদ কঢ়িয়াই আনি সমষ্টিৰ আমৰংগা মণ্ডল কংগ্রেছৰ সভাপতি কনক কলিতা, উপ–সভাপতি ধনেশ্বৰ চৌধুৰী, কোষাধ্যক্ষ ভাস্কৰজ্যেতি দাস, পঞ্চায়তৰ ৱার্ড মেম্বাৰ সীমান্ত দাসসহ দ্বি–শতাধিক কর্মীয়ে অগপ দলত যোগদান কৰে৷ পলাশবাৰী বিধান পৰিষদৰ সভাপতি ড০ অৱনী কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ছয়ানী–বৰদুৱাৰ ব্লক কংগ্রেছৰ প্রভাৱশালী নেতা কবীন্দ্র কুমাৰ দাসৰ নেতৃত্বত অহা কর্মীসকলে ডাঃ কমলাকান্ত কলিতাৰ সবল নেতৃত্বৰ প্রতি আকৃষ্ট হৈ অগপত যোগদান কৰা বুলি মন্তব্য কৰে৷ তদুপৰি গুইমাৰা–চিমিনা পঞ্চায়তৰো কিছুসংখ্যক বিজেপি কর্মীয়ে আজি অগপত যোগদান কৰা পৰিলক্ষিত হয়৷
সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিধান পৰিষদৰ সম্পাদক প্রণৱ কুমাৰ দাসে৷ সভাৰ কার্যসূচীৰ আঁত ধৰে কামৰূপ জিলা অগপৰ সভাপতি আদিত্য ৰাভাই আৰু তেওঁক সহযোগিতা আগবঢ়ায় জিলা উপ–সভাপতি শ্রীকান্ত চৌধুৰী আৰু ছাত্র পৰিষদৰ সভাপতি জোন গোস্বামীয়ে৷ সভাত ডাঃ কমলা কলিতাই পলাশবাৰীত দলৰ ভাবমূর্তি উন্নতিৰ জৰিয়তে আঞ্চলিকতাবাদৰ ভেটি সবল কৰাটো তেওঁৰ সপোন বুলি মন্তব্য কৰে৷ অসমত আঞ্চলিকতাবাদ মানে অগপকে সাধাৰণ ৰাইজে বুজে বুলিও তেওঁ তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায়৷