তামুলপুৰত ৩৪গৰাকী প্রার্থীৰ ভাগ্য নির্ণয় কৰিব ৩,১২ লাখ ভোটাৰে
নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ আজি অনুষ্ঠিত হ’ব বিটিচিৰ প্রথম পর্যায়ৰ পৰিষদীয় নির্বাচন৷ তামুলপুৰ মহকুমাৰ অধীনস্থ পাঁচটা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ’ব এই নির্বাচন৷ তামুলপুৰ মহকুমাত থকা পাঁচটা পৰিষদীয় সমষ্টি ক্রমে ২৬নং দৰংগাজুলি, ২৭নং নাগ্রীজুলি, ২৮নং গয়বাৰী, ২৯নং শুক্লাই ছেৰফাং আৰু ৩০নং গোৰেশ্বৰ পৰিষদীয় সমষ্টি৷
প্রাপ্ত তথ্য মতে, তামুলপুৰ মহকুমাৰ পাঁচটা সমষ্টিৰ মুঠ ভোটগ্রহণ কেন্দ্র ৩৮২টা৷ এই ভোটগ্রহণ কেন্দ্রত ৩৪গৰাকী প্রার্থীৰ ভাগ্য নির্ণয় কৰিব ৩,১২,৩৯৩গৰাকী ভোটাৰে৷ ২৬নং দৰংগাজুলি সমষ্টিত ছগৰাকী প্রার্থীয়ে নির্বাচনী যুঁজত অৱতীর্ণ হৈছে৷ ৭৫টা ভোটগ্রহণ কেন্দ্র থকা সমষ্টিটোৰ ভোটাৰৰ সংখ্যা ৬৩,৩৩৮৷ ইয়াৰে পুৰুষ ভোটাৰ ৩২,০৮৪গৰাকী আৰু মহিলা ভোটাৰ ৩১,৩০৪গৰাকী৷ ২৭নং নাগ্রীজুলি সমষ্টিত মুঠ আঠগৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ ৬২টা ভোট গ্রহণ কেন্দ্র থকা এই সমষ্টিটো মুঠ ভোটাৰৰ সংখ্যা ৫১,৪৬৩ ৷ ইয়াৰে পুৰুষ ভোটাৰ ২৬,৫৪৩গৰকী আৰু মহিলা ভোটাৰ ২৪,৯২০গৰাকী৷ ২৮নং গয়বাৰী সমষ্টিত ছগৰাকী প্রার্থীয়ে যুঁজত নামিছে৷
সমষ্টিটোত মুঠ ভোটগ্রহণ কেন্দ্র ৮৭টা৷ মুঠ ভোটাৰৰ সংখ্যা ৭০,৩৫৮গৰকী৷ ইয়াৰে পুৰুষ ভোটাৰ ৩৫,৯৪০গৰাকী আৰু মহিলা ভোটাৰ ৩৪,৪১৮গৰাকী৷ ২৯ নং শুক্লাই ছেৰফাং সমষ্টিৰ প্রার্থীৰ সংখ্যা পাঁচগৰাকী৷ ৬৮টা ভোটগ্রহণ কেন্দ্র থকা সমষ্টিটোত ভোটাৰৰ সংখ্যা ৫৫,২২৭গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰ ২৮,৪৭৮গৰাকী আৰু মহিলা ভোটাৰ ২৬,৭৪৯গৰাকী৷ ৩০নং গোৰেশ্বৰ সমষ্টিত মুঠ ৯গৰাকী প্রার্থীয়ে নির্বাচনী যুঁজত অৱতীর্ণ হৈছে৷ সমষ্টিটোত মুঠ ভোটগ্রহণ কেন্দ্রৰ সংখ্যা ৯০টা৷ মুঠ ভোটাৰৰ সংখ্যা ৭৫,০১০গৰাকী৷ ইয়াৰে পুৰুষ ভোটাৰ ৩৭,৫৮৯গৰাকী আৰু মহিলা ভোটাৰ ৩৭,৪২১গৰাকী৷