ৰাজ্যিক সমন্বয়কৰ বিৰুদ্ধে ছুপ্রিম ক’ৰ্টত গোচৰ
নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ (এনআৰচি) ৰাজ্যিক সমন্বয়ক হীতেশ দেৱশর্মাৰ শেহতীয়া কার্যকলাপক সন্দেহৰ আবর্তত ৰাখিছে উচ্চতম ন্যায়ালয়ে৷ ন্যায়ালয়ৰ নিৰীক্ষণ তথা তত্ত্বাৱধানত চলি থকা নাগৰিকপঞ্জী উন্নীতকৰণ প্রক্রিয়াত ‘অবৈধভাৱে’ নিজাববীয়াকৈ লোৱা কিছুমান সিদ্ধান্তৰ বিৰুদ্ধে অধিবক্তা শৈবাল গুপ্তই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ বিগত বছৰৰ ৭ নৱেম্বৰত ৰুজু হোৱা উক্ত গোচৰৰ (১২৯০/২০২০) শুনানি গ্রহণ কৰাৰ কথা আছিল যদিও আবেদনকাৰীজন আজি অনুপস্থিত থাকে৷ পিছে আবেদনকাৰীজনে শপতনামাযোগে দাখিল কৰা তথ্যপাতিৰ ভিত্তিত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ বোবদে, ন্যায়াধীশ এ এছ বোপান্না আৰু ন্যায়াধীশ ভি ৰামা সুব্রমনিয়নৰে গঠিত বিচাৰপীঠে এনআৰচি ৰাজ্যিক সমন্বয়কজনৰ বিৰুদ্ধে থকা অভিযোগসমূহ পৰীক্ষা কৰাৰ বাবে দুই সপ্তাহ পিছত পুনৰ শুনানি গ্রহণ কৰাৰ নির্দেশ জাৰি কৰে৷
উল্লেখ্য যে যোৱা বছৰৰ অক্টোবৰত এনআৰচিৰ ৰাজ্যিক সমন্বয়ক হীতেশ দেৱ শর্মাই নাগৰিকপঞ্জীৰ চূডান্ত তালিকাৰ পৰা অযোগ্য ব্যক্তিসকলৰ নাম কর্তন কৰাৰ নির্দেশ জাৰি কৰিছিল৷ জিলা উপায়ুক্তসকলক সমন্বয়ক হীতেশ দেৱ শর্মাই লগতে ডি–ভোটাৰ, বিদেশী ন্যায়াধিকৰণত যুঁজি থকা সন্দেহযুক্ত বিদেশী আৰু সন্দেহযুক্ত বিদেশী মা–দেউতাকৰ ১৪ বছৰৰ তলত থকা সন্তানৰ তালিকা প্রস্তুত কৰাৰ বাবে নির্দেশ জাৰি কৰিছিল৷ এনআৰচি সমন্বয়কজনৰ নিজাববীয়া এই নির্দেশনা এনআৰচি সংক্রান্ত উচ্চতম ন্যায়ালয়ৰ নির্দেশনাৰ সম্পূর্ণ পৰিপন্থী বুলি অভিযোগ উত্থাপিত হৈছে৷ আনকি বিৰোধী দল–সংগঠনসমূহে হীতেশ দেৱ শর্মাৰ কার্যকলাপক ন্যায়ালয়ৰ অবমাননা বুলি অভিহিত কৰিছে৷ এই পৰিপ্রেক্ষিতত দুই সপ্তাহ পিছত উচ্চতম ন্যায়ালয়ে এনআৰচি সমন্বয়কজনক লৈ কি সিদ্ধান্তত উপনীত হয় সেয়া লক্ষণীয় হ’ব৷
উল্লেখ্য যে ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্রক্রিয়াৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত মতামত দাখিল কৰি ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ কাঠগৰাত থিয় হৈছে এনআৰচি সমন্বয়ক হীতেশ দেৱ শর্মা৷