নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘তিৱা’ত অপ্রতিৰোধ্য বিজেপি, নিশ্চিহ্ণ কংগ্রেছ

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ বিটিচিৰ পাছত তিৱা স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনতো চমক দেখুৱালে বিজেপিয়ে৷ স্বায়ত্তশাসিত পৰিষদখনৰ মুঠ ৩৬ আসনৰ ভিতৰত সামগ্রিকভাৱে ৩৩খন দখলেৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতা অর্জন কৰা বিজেপিয়ে অপ্রতিৰোধ্য জয়যাত্রা অব্যাহত ৰখাৰ বিপৰীতে নির্বাচনী ৰণক্ষেত্রত কংগ্রেছ আকৌ এবাৰ নিশ্চিহ্ণপ্রায় হ’ল৷ ৰাজ্যৰ প্রধান বিৰোধী দলটোৱে তিৱা স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনত সর্বশক্তিৰে অৱতীর্ণ হৈও মাত্র এখন আসনহে দখল কৰিবলৈ সক্ষম হয়৷ ইয়াৰ বিপৰীতে ৰাজ্যৰ শাসকীয় মিত্রজোঁটৰ অন্যতম অংশীদাৰ অগপই তিৱা স্বায়ত্তশাসিত পৰিষদত দুখন আসন দখল কৰিছে৷ তিৱা স্বায়ত্তশাসিত পৰিষদৰ অন্তর্গত চাৰি জিলাৰ ভিতৰত তিনিখন ক্রমে কামৰূপ (মহানগৰ), মৰিগাঁও আৰু নগাঁৱৰ এখন আসনতো কংগ্রেছৰ প্রার্থী বিজয়ী হ’ব নোৱাৰিলে৷ অর্থাৎ এই তিনিওখন জিলাৰ তিৱা স্বায়ত্তশাসিত পৰিষদ এলেকাত ভেটি উছন হৈছে কংগ্রেছৰ৷ কেৱল হোজাই জিলাৰ অন্তর্গত একমাত্র পৰিষদীয় সমষ্টি কাকীয়েহে কংগ্রেছৰ মান ৰক্ষা কৰিলে৷ একেই অৱস্থা হৈছে তিৱা জাতীয় ঐক্য মঞ্চৰো৷ এইবাৰৰ নির্বাচনত তিৱা জাতীয় ঐক্য মঞ্চত এজনো প্রার্থীয়ে জয়ৰ মুখ নেদেখিলে৷ তিৱা স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনত শোচনীয়ভাৱে মুখথেকেচা খাইছে প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তয়ো৷ দলীয় নেতৃত্বৰ নির্দেশনাক একপ্রকাৰ উপেক্ষা কৰি প্রাক্তন মুখ্যমন্ত্রী মহন্তই নিজ সমষ্টি বঢ়মপুৰৰ দুই পৰিষদীয় সমষ্টিত প্রার্থী থিয় কৰাইছিল যদিও দুয়োজন প্রার্থীয়েই শোচনীয়ভাৱে পৰাজিত হৈছে৷ ২০২১ চনত অনুষ্ঠিতব্য বিধানসভা নির্বাচনলৈ মাজতে মাত্র প্রায় চাৰে তিনি মাহ বাকী থকা অৱস্থাত অনুষ্ঠিত তিৱা স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনৰ আজি ঘোষিত ফলাফলে ৰাজ্যৰ ৰাজনৈতিক প্রেক্ষাপটত যথেষ্ট তাৎপর্য বহন কৰিছে৷ উল্লেখ্য যে তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুঠ সমষ্টি ৩৬টা যদিও যোৱা ১৭ ডিচেম্বৰত ইয়াৰে ৩৫টাত নির্বাচন অনুষ্ঠিত হৈছিল৷ মৰিগাঁও জিলাৰ ১৪নং গোভা পৰিষদীয় সমষ্টিৰ বিজেপি প্রার্থী মণিৰাম পাটৰ ইতিপূর্বে নির্বাচিত হৈছিল বিনাপ্রতিদ্বন্দ্বিতাৰে৷ যাৰ বাবে কামৰূপ (মহানগৰ)ৰ ৬টা, মৰিগাঁৱৰ ১৮টা, নগাঁৱৰ ১০টা আৰু হোজাই জিলাৰ এটা পৰিষদীয় সমষ্টিৰ বাবেহে নির্বাচন অনুষ্ঠিত কৰা হয়৷ ৰাজ্যিক নির্বাচন আয়োগৰ পূর্বনির্ধাৰিত সূচী অনুসৰি আজি পুৱাৰে পৰা আৰম্ভ হয় ভোটগণনা প্রক্রিয়া৷ লক্ষণীয়ভাৱে ভোটগণনাৰ আৰম্ভণিৰে পৰাই বিজেপিয়ে নিজৰ আধিপত্য অক্ষুণ্ণ ৰাখে৷ সন্ধিয়াৰ ভাগত আনুষ্ঠানিকভাৱে ঘোষণা হোৱা ফলাফল অনুসৰি বিজেপিয়ে কামৰূপ (মহানগৰ)ৰ ৬টা, মৰিগাঁৱৰ ১৬টা আৰু নগাঁৱৰ ১০টা সমষ্টিত বিজয় সাব্যস্ত কৰে৷ ইতিমধ্যে বিনাপ্রতিদ্বন্দ্বিতাৰে বিজয়ী হোৱা সমষ্টিটোকে ধৰি বিজেপিয়ে লাভ কৰা মুঠ আসনৰ সংখ্যা হয়গৈ ৩৩খন৷ অগপই দখল কৰে মৰিগাঁও জিলাৰ দুখনকৈ আসন৷ কামৰূপ (মহানগৰ) জিলাৰ ৩৪নং সোণাপুৰ পৰিষদীয় সমষ্টিত বিজেপিৰ পৰেশ ৰাংহাঙে ৫,০০১টা ভোট লাভ কৰি নিকটতম প্রতিদ্বন্দ্বী কংগ্রেছৰ গোপী মেধিক, ৩৩নং ক্ষেত্রী পৰিষদীয় সমষ্টিত বিজেপিৰ দিব্যলতা বৈশ্যই ৩,৯০৯টা ভোট লাভ কৰি নিকটতম প্রতিদ্বন্দ্বী মামণি বসুমতাৰীক, ৩২নং ডিগাৰু পৰিষদীয় সমষ্টিত বিজেপিৰ জবা ইংতিয়ে ৩,৭৯৭টা ভোট লাভ কৰি নিকটতম প্রতিদ্বন্দ্বী কংগ্রেছৰ মীনাক্ষি দাসক, ৩৫নং আম্প্রী পৰিষদীয় সমষ্টিত বিজেপিৰ ভৱেশ কাথাৰে ১,১৩৬টা ভোট লাভ কৰি নিকটতম প্রতিদ্বন্দ্বী অগপৰ ৰায় বড়োক, ২৬নং ডিমৰীয়া পৰিষদীয় সমষ্টিত বিজেপিৰ নীলেশ্বৰ দেউৰীয়ে ৩,৫২৮টা ভোট লাভ কৰি নিকটতম প্রতিদ্বন্দ্বী কংগ্রেছৰ বিপুল কোঁৱৰক আৰু ৩৬নং ফংআৰি পৰিষদীয় সমষ্টিত বিজেপিৰ টিকেন বসুমতাৰীয়ে ২,৪৪৪টা ভোট লাভ কৰি নিকটতম প্রতিদ্বন্দ্বী কংগ্রেছৰ জিতেন কোঁৱৰক পৰাজিত কৰে৷ আম্ৰি কার্বিৰ কেইবাটাও জাতীয় সংগঠনে তিৱা স্বায়ত্তশাসিত পৰিষদৰ নির্বাচন বাতিলৰ দাবীত দীর্ঘদিন আন্দোলনৰ কার্যসূচী গ্রহণ কৰাৰ লগতে নির্বাচন বাতিলৰো আহ্বান জনাইছিল৷ যাৰ বাবে এইবাৰৰ নির্বাচনটো বিজেপিৰ বাবে হৈ পৰিছিল প্রত্যাহ্বানস্বৰূপ৷ কিন্তু ঘোষিত ফলাফলত কামৰূপ (মহানগৰ) জিলাৰ আটাইকেইটা সমষ্টিয়ে দখল কৰিবলৈ সক্ষম হোৱাত স্বাভাৱিকতে বিজেপিত আনন্দৰ জোৱাৰ উঠিছে৷ মৰিগাঁও জিলা বিজেপিৰ নেতা–কর্মী–সমর্থক মাজতো অনুৰূপ পৰিৱেশ৷ মৰিগাঁও মহাবিদ্যালয়ত চলা ভোটগণনাৰ অন্তত ঘোষিত ফলাফল অনুসৰি জিলাখনৰ অন্তর্গত ১নং জমাদাৰী পৰিষদীয় সমষ্টিত বিজেপিৰ দুলাল ব্রহ্মই ২,৩৬৩টা ভোট লাভ কৰি নিকটতম প্রতিদ্বন্দ্বী কংগ্রেছৰ নন্দেশ্বৰ বৰদলৈক, ২নং বৰঙণি পৰিষদীয় সমষ্টিত বিজেপিৰ অংকুৰ দেউৰীয়ে ২,৪২৮টা ভোট লাভ কৰি নিকটতম প্রতিদ্বন্দ্বী কংগ্রেছৰ মালিৰাম পাটৰক, ৩নং ভূৰবন্ধা পৰিষদীয় সমষ্টিত বিজেপিৰ বিনয় কোঁৱৰে ৪,২০৮টা ভোট লাভ কৰি নিকটতম প্রতিদ্বন্দ্বী কংগ্রেছৰ নিতুল কোঁৱৰক, ৪নং কোঁৱৰগাঁও পৰিষদীয় সমষ্টিত বিজেপিৰ জীৱন কোঁৱৰে ২,৯৩৬টা ভোট লাভ কৰি নিকটতম প্রতিদ্বন্দ্বী কংগ্রেছৰ ধীৰেন বৰদলৈক, ৫নং ঢেঁকীফলা পৰিষদীয় সমষ্টিত বিজেপিৰ বীণাপাণি বৰদলৈয়ে ৩,১৮১টা ভোট লাভ কৰি নিকটতম প্রতিদ্বন্দ্বী কংগ্রেছৰ কল্পনা পাটৰক, ৬নং মাণিপুৰ পৰিষদীয় সমষ্টিত বিজেপিৰ আইমণি পাটৰে ৩,২৬৯টা ভোট লাভ কৰি নিকটতম প্রতিদ্বন্দ্বী কংগ্রেছৰ মনীষা কোঁৱৰ পাটৰক, ৭নং গড়মাৰী পৰিষদীয় সমষ্টিত অগপৰ ৰুণামণি বড়ো দাসে ২,৮২২টা ভোট লাভ কৰি নিকটতম প্রতিদ্বন্দ্বী বিজেপিৰ মৰমী বৰদলৈক, ৮নং ঘগুৱা পৰিষদীয় সমষ্টিত বিজেপিৰ মিহিৰাম বৰদলৈয়ে ২,১৯৪টা ভোট লাভ কৰি নিকটতম প্রতিদ্বন্দ্বী অগপৰ মণ্টু বৰদলৈক, ৯নং দমাল পৰিষদীয় সমষ্টিত বিজেপিৰ পৱন মান্তাই ৩,২৬৩টা ভোট লাভ কৰি নিকটতম প্রতিদ্বন্দ্বী অগপৰ নিৰজ বৰদলৈক, ১০নং তেতেলীয়া পৰিষদীয় সমষ্টিত বিজেপিৰ খগেন চন্দ্র বৰদলৈয়ে ৩,০৭০টা ভোট লাভ কৰি নিকটতম প্রতিদ্বন্দ্বী তিৱা জাতিয় ঐক্য মঞ্চৰ ধর্ম সিং বৰদলৈক, ১১নং জোনবিল পৰিষদীয় সমষ্টিত বিজেপিৰ বিনীয়া দৈমাৰীয়ে ৩,৩৭১টা ভোট লাভ কৰি নিকটতম প্রতিদ্বন্দ্বী কংগ্রেছৰ দীপালী বড়োক, ১২নং নখোলা পৰিষদীয় সমষ্টিত বিজেপিৰ তুলসী বৰদলৈয়ে ২,৭৭৮টা ভোট লাভ কৰি নিকটতম প্রতিদ্বন্দ্বী কংগ্রেছৰ মনেশ্বৰ বৰদলৈক, ১৩নং নেলীখোলা পৰিষদীয় সমষ্টিত বিজেপিৰ জীৱন কোঁৱৰে ৪,২৯৮টা ভোট লাভ কৰি নিকটতম প্রতিদ্বন্দ্বী মনখুচী দেউৰী মান্তাক, ১৫নং বিহুবৰী পৰিষদীয় সমষ্টিত বিজেপিৰ পীতাম্বৰ বৰদলৈয়ে ২,৫১৭টা ভোট লাভ কৰি নিকটতম প্রতিদ্বন্দ্বী কংগ্রেছৰ মহেশ্বৰ কোঁৱৰক, ১৬নং শ’লমাৰী পৰিষদীয় সমষ্টিত বিজেপিৰ নয়নমণি দেউৰীয়ে ৩,৯৪১টা ভোট লাভ কৰি নিকটতম প্রতিদ্বন্দ্বী কংগ্রেছৰ নৰোত্তম ডেকাক, ১৭নং ভোমোৰাগুৰি পৰিষদীয় সমষ্টিত বিজেপিৰ দেৱকান্ত বৰদলৈয়ে ২,২১৬টা ভোট লাভ কৰি নিকটতম প্রতিদ্বন্দ্বী নির্দলীয় জিতেন চন্দ্র পাটৰক, ১৮নং চাৰিপুণীয়া চাবুকধৰা পৰিষদীয় সমষ্টিত বিজেপিৰ মদন দেউৰীয়ে ৩,৬৩০টা ভোট লাভ কৰি নিকটতম প্রতিদ্বন্দ্বী কংগ্রেছৰ দুলাল দেউৰীক আৰু ১৯নং বৰচিলা পৰিষদীয় সমষ্টিত অগপৰ চম্পেশ্বৰ বৰদলৈয়ে ৩,৯১৬টা ভোট লাভ কৰি নিকটতম প্রতিদ্বন্দ্বী কংগ্রেছৰ ধর্মেন্দ্র বৰদলৈক পৰাজিত কৰে৷ নগাঁও জিলাৰ ১০টা পৰিষদীয় সমষ্টিতেই জয়ী হোৱা বিজেপি প্রার্থীসকল হ’ল– সৰোজ কোঁৱৰ, মোহন সেনাপতি, মদন বৰদলৈ, প্রণৱজ্যোতি মছৰং, বিতু বৰদলৈ, অজিত পাটৰ, কমল বৰদলৈ, বিশ্বজিৎ পাটৰ, গীতামণি কলিতা ভূঞা আৰু ইন্দ্র বৰদলৈ৷ আজি ঘোষিত ফলাফল অনুসৰি, নগাঁও জিলাৰ ২০ নম্বৰ বাৰপূজীয়া পৰিষদীয় সমষ্টিত বিজেপি প্রার্থী কমল বৰদলৈ বিজয়ী হৈছে৷ তেওঁ নিকটতম প্রতিদ্বন্দ্বী কংগ্রেছ দলৰ অচ্যুত ৰাজখোৱাক ৭২টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ বিজেপিৰ বিজয়ী প্রার্থী বৰদলৈয়ে ২,৩৪৫টা আৰু কংগ্রেছৰ বিজিত প্রার্থী ৰাজখোৱাই ২,২৭৩টা ভোট লাভ কৰে৷ আনহাতে,২১ নম্বৰ টোপাকুছি সমষ্টিত বিজেপি প্রার্থী সৰোজ বৰদলৈ বিজয়ী হৈছে৷ তেওঁ নিকটতম প্রতিদ্বন্দ্বী নির্দলীয় প্রার্থী ইৰামণি কোঁৱৰক ৪৬৯টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ বিজয়ী প্রার্থী কোঁৱৰে ২,৭৭৭টা ভোট লাভ কৰাৰ বিপৰীতে বৰদলৈয়ে লাভ কৰে ২,৩০৮টা ভোট৷ ২২ নম্বৰ পুখুৰীপাৰ সমষ্টিতো বিজেপি প্রার্থী বিশ্বজ্যোতি পাটৰ বিজয়ী হৈছে৷ তেওঁ নিকটতম প্রতিদ্বন্দ্বী কংগ্রেছ দলৰ ৰূপামণি শইকীয়া ডেকাক ২,৩১৮টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ বিজেপিৰ বিজয়ী প্রার্থী পাটৰে ৩,৬৫৩টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্রেছ দলৰ বিজিত প্রার্থী ডেকাই ১,৩৩৫টা ভোটহে লাভ কৰিবলৈ সক্ষম হয়৷ ২৩নং জৰাবাৰী সমষ্টিত বিজেপিৰ গীতামণি কলিতা ভূঞা নির্বাচিত হৈছে৷ তেওঁ কংগ্রেছ প্রার্থী ৰিতুমণি দাসক ৩৮২টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ গীতামণি কলিতা ভূঞাই ২,৮৮০টা ভোট পোৱাৰ বিপৰীতে ৰিতুমণি দাসে ২,৪৯৮টা আৰু নির্দলীয় পুষ্পজ্যোতি দেওৰাজাই ৯৫৮টা ভোট পায়৷ ২৪ নম্বৰ জোঙাল বলহু সমষ্টিত বিজেপি প্রার্থী প্রণৱজ্যোতি মছৰং বিজয়ী হৈছে৷ তেওঁ কংগ্রেছ দলৰ নিকটতম প্রতিদ্বন্দ্বী মুকুট কুমাৰ কোঁৱৰক ৯৫২টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ বিজয়ী প্রার্থী মছৰঙে ৩,১৬৪টা ভোট লাভ কৰাৰ বিপৰীতে পৰাজিত প্রার্থী কংগ্রেছৰ কোঁৱৰে ২,২১২টা ভোট লাভ কৰে৷ আনহাতে, ২৫ নম্বৰ চহৰী পৰিষদীয় সমষ্টিত বিজেপি প্রার্থী মোহন সেনাপতিয়ে বিজয় সাব্যস্ত কৰে৷ তেওঁ নিকটৱর্তী প্রতিদ্বন্দ্বী নির্দলীয় প্রার্থী দ্বীপেন কোঁৱৰক ৭৩৯টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ বিজয়ী প্রার্থী সেনাপতিয়ে ২,৯১১টা ভোট লাভ কৰাৰ বিপৰীতে পৰাজিত প্রার্থী নির্দলীয় কোঁৱৰে ২,১৭২টা ভোট লাভ কৰে৷ জিলাখনৰ ২৮ নম্বৰ লুটুমাৰী সমষ্টিতো বিজেপিৰ প্রার্থী বিতু বৰদলৈ বিজয়ী হয়৷ তেওঁ নিকটতম প্রতিদ্বন্দ্বী নির্দলীয় প্রার্থী বিনন্দ বৰদলৈক পৰাস্ত কৰে৷ বিজেপিৰ বিতু বৰদলৈয়ে ১,০৫৯টা ভোট লাভ কৰাৰ বিপৰীতে পৰাজিত প্রার্থী নির্দলীয় বিনন্দ বৰদলৈয়ে ৯৬২টা ভোট লাভ কৰে৷ ২৯ নম্বৰ কমাৰগাঁও পৰিষদীয় সমষ্টিত বিজেপি প্রার্থী অজিত পাটৰ বিজয়ী হয়৷ তেওঁ নিকটতম প্রতিদ্বন্দ্বী কংগ্রেছ দলৰ নিহা ডেকাৰজাক ১,৬১৫টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ বিজয়ী প্রার্থী বিজেপিৰ পাটৰে ৩,১৫১টা ভোট লাভ কৰাৰ বিপৰীতে পৰাজিত প্রার্থী কংগ্রেছৰ ডেকাৰজাই ১,৫৩৬টা ভোট লাভ কৰে৷ ৩০ নম্বৰ নামবৰ লালুংগাঁও পৰিষদীয় সমষ্টিত বিজেপিৰ ইন্দ্র বৰদলৈয়ে বিজয় সাব্যস্ত কৰে৷ তেওঁ নিকটতম প্রতিদ্বন্দ্বী কংগ্রেছ দলৰ শুক্লেশ্বৰী বৰদলৈক ৫৩৬টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ ইন্দ্র বৰদলৈয়ে ১,৭০০টা ভোট লাভ কৰাৰ বিপৰীতে পৰাজিত প্রার্থী কংগ্রেছৰ শুক্লেশ্বৰী বৰদলৈয়ে লাভ কৰে ১,১৬৪টা ভোট৷ আনহাতে, ৩১ নম্বৰ লালুংপাৰ পৰিষদীয় সমষ্টিত বিজেপি প্রার্থী মদন বৰদলৈ বিজয়ী হৈছে৷ তেওঁ নিকটতম প্রতিদ্বন্দ্বী অগপ দলৰ নগেন বৰদলৈক ১,১৫৪টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ বিজয়ী প্রার্থী মদন বৰদলৈয়ে ২,৭৫১টা ভোট লাভ কৰাৰ বিপৰীতে পৰাজিত প্রার্থী অগপৰ নগেন বৰদলৈয়ে লাভ কৰে ১,৫৯৭টা ভোট৷ স্মর্তব্য যে এইবাৰ তিৱা স্বায়ত্ত পৰিষদৰ নির্বাচনত নগাঁও জিলাৰ অন্তর্গত একাধিক পৰিষদীয় সমষ্টিত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈ, কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ, প্রাক্তন মন্ত্রী ৰকিবুল হুছেইন আদিয়ে একাধিকবাৰ প্রচাৰ অভিযান চলাইছিল যদিও কংগ্রেছ দলে শূন্যৰ ঘৰতে থাকিবলগীয়া হয়৷ তদুপৰি চহৰী, বাৰপূজীয়া, টোপাকুছি, লালুংপাৰ আদি পৰিষদীয় সমষ্টিত দলটো তৃতীয় স্থানতহে থাকিবলগীয়া হয়৷ ইফালে হোজাই জিলাৰ ২৭নং কাকী পৰিষদীয় সমষ্টিত কংগ্রেছ প্রার্থী বিজুমণি বৰদলৈ বিজয়ী হৈছে৷ তেওঁ মুঠ ৩,৭২৯টা ভোট লাভ কৰি নিকটতম প্রতিদ্বন্দ্বী বিজেপিৰ সুভাষ বসুমতাৰীক পৰাজিত কৰে৷ বিজেপিৰ প্রার্থীজনে লাভ কৰে ৩,৫৬২টা ভোট৷ লক্ষণীয়ভাৱে ফলাফল ঘোষণা কৰাৰ পাছতে বিজেপি আৰু কংগ্রেছৰ সমর্থকৰ মাজত সূত্রপাত ঘটে খণ্ডযুদ্ধৰ৷ দলীয় প্রার্থী বিজয়ী হোৱাক লৈ কংগ্রেছ নেতা–কর্মী–সমর্থকে আনন্দ কৰি থকাৰ সময়তে বিজেপিৰ একাংশ সমর্থকে বাধা দিয়াত দুয়োপক্ষৰ মাজত হতাহতি হয়৷ জিলা সদৰ শংকৰদেৱ নগৰস্থিত উপায়ুক্তৰ কার্যালয় চৌহদত সংঘটিত এই উত্তেজনাপূর্ণ পৰিৱেশ অৱশ্যে আৰক্ষী–প্রশাসনে নিয়ন্ত্রণ কৰে৷ তদুপৰি ফলাফল ঘোষণা কৰাত পলম হোৱাক কেন্দ্র কৰিও কংগ্রেছে ক্ষোভ প্রকাশ কৰিছে৷ নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে জিলা উপায়ুক্তৰ কার্যালয়ত উপস্থিত হৈ চৰকাৰৰ হেঁচাতেই প্রশাসনে আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা নকৰা বুলি অভিযোগ তোলে৷

You might also like