মহামাৰীৰ সুযোগ লৈ বাছ ভাৰা বৃদ্ধি
নিয়মীয়া বাৰ্তা, ১৯ জুনঃ শেহতীয়াভাৱে ক’ৰোনা মহামাৰীৰ সুযোগ লৈ একাংশ বেচৰকাৰী বাহনে তিনি, চাৰিগুণ পর্যন্ত বাছ ভাৰা বৃদ্ধি কৰি যাত্রীক লুণ্ঠন কৰাৰ বিৰুদ্ধে ওলাই আহিছে দৰং জিলা বেচৰকাৰী বাছ শ্রমিক সন্থা৷ সন্থাই আজি এই অভিযোগ কৰি একাংশ বেচৰকাৰী বাহনে চলোৱা লুণ্ঠনৰো বিৰোধিতা কৰিছে৷
লক্ষণীয় যে গুৱাহাটীৰ পৰা মঙলদৈ, খাৰুপেটীয়া হৈ তেজপুৰলৈ দৈনিক বাছ চলাচলৰ বাবে ৰাজ্যৰ পৰিবহণ বিভাগে চর্ত সাপেক্ষে অনুমতি প্রদান কৰিছিল৷ বাছৰ বহন ক্ষমতাৰ অর্ধাংশ যাত্রীক মাস্ক পৰিধান কৰোৱাই পৰিবহণ কৰিব লাগে৷ কিন্তু যাত্রীৰ পৰা ভাৰাবৃদ্ধিৰ অনুমতি দিয়া হোৱা নাছিল৷ মঙলদৈ তথা দৰং জিলাৰ বেচৰকাৰী বাণিজ্যিক বাছসমূহৰ মালিকসকলেও বিষয়টো আলোচনা কৰি চৰকাৰী নীতি–নির্দেশনা মানি চলাচল কৰাটো সম্ভৱ নহয় বুলি বিবেচনা কৰে আৰু শেহতীয়াকৈ বাছসমূহ চলাচল নকৰোৱাৰ সিদ্ধান্ত লয়৷ কিন্তু তেজপুৰকে ধৰি বিভিন্ন বাছ সংন্থাই কিন্তু বাছ ভাৰা ৪ গুণ পর্যন্ত বৃদ্ধি কৰি বাছসমূহ চলাবলৈ লৈছে৷
যাৰ বাবে চৰকাৰী নির্দেশনা ৰক্ষা কৰি বাছ চলোৱা কিম্বা অন্যায়, বে–আইনীভাৱে বাছ চলোৱা এই দুটাৰ এটা পথ ল’বলৈ বাধ্য হ’ব৷ সন্থাই দাবী কৰিছে চৰকাৰী আইন উলংঘাকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ দাবী কৰিছে৷ শ্রমিকসকলৰ শেহতীয়া দুৰৱস্থা চাই দৰং জিলা বেচৰকাৰী মটৰ শ্রমিকসকলক ন্যায় দিব বুলি আশা ব্যক্ত কৰিছে৷