নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাৰিভাংগাত স্বাধীনতা কাপ ফুটবলঃ উপস্থিত নামবৰভাগ গাঁও পঞ্চায়তৰ সভানেত্রী ইলোৰা ডেকা

নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট:  স্বাধীনতাৰ ৭৫ বর্ষপূর্তিৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি হাৰিভাংগা গাঁৱত প্রতিবছৰৰ দৰে এইবেলিও কামাখ্যা একাদশ ক্লাবৰ দ্বাৰা পৰিচালিত স্বাধীনতা কাপ ফুটবল ফাইনেল খেলখন হাৰিভাংগা হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈ যায়৷ এই খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৪৫নং পশ্চিম নামবৰভাগ গাঁও পঞ্চায়তৰ সভানেত্রী ইলোৰা ডেকাই৷ প্রায় ৪হাজাৰ দর্শকৰ উপস্থিতিত হাৰিভাংগা বক্রাথেৰ চুবুৰি দলে বৰপীত চুবুৰি দলক ৪–৩ গ’লৰ ব্যৱধানত পৰাস্ত কৰি প্রয়াত ধৰণীধৰ ডেকা সোঁৱৰণী ফুটবল বিজয়ী ট্ৰফী লাভ কৰে আৰু বিজিত দলে প্রয়াত পদ্মৰাম ডেকা সোঁৱৰণী ট্ৰফী লাভ কৰে আৰু খেলৰ তৃতীয় পুৰস্কাৰ প্রয়াত শংকৰ কাকতি সোঁৱৰণী ট্ৰফী লাভ কৰে মাক্রাপাৰ চুবুৰি দলে৷ ফাইনেল খেলৰ শ্রেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে বক্রাথেৰ চুবুৰি দলৰ অংকুৰ কলিতাই৷ খেলখন পৰিচালনা কৰে প্রথম শ্রেণীৰ ৰেফাৰী অৰূপ কুমাৰ হালৈ, দীপক ৰাজবংশী, ভৱানী প্রসাদ শর্মা, নৃপেন দাস, অজিত দাস আৰু শৰৎ গোস্বামীই৷ স্বাধীনতা কাপ ফাইনেল খেলৰ বটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে কামাখ্যা একাদশৰ ক্লাবৰ সভাপতি তথা নলবাৰী ক্রীডা সন্থাৰ উপ–সভাপতি পৰেশ চন্দ্র বর্মন , ৪৫নং পশ্চিম নামবৰভাগ গাঁও পঞ্চায়তৰ সভানেত্রী ইলোৰা ডেকা, হাৰিভাংগা গাঁও উন্নয়ন কমিটীৰ সভাপতি হৰেন্দ্র নাথ হালৈ, উপ–সভাপতি গোপাল চন্দ্র হালৈ, হাৰিভাংগা ব্যৱসায় সন্থাৰ সভাপতি, সম্পাদক, ৰাষ্ট্রীয় পুৰস্কাৰপ্রাপ্ত অৱসৰী শিক্ষক সুৰেন্দ্র নাথ কলিতা তথা হাৰিভাংগা গাঁৱৰ বিশিষ্ট ব্যক্তিসকল, ৰাষ্ট্রীয় ক্রীডা পেন্সনাৰ পৰেশ শর্মা৷ খেলৰ উদ্বোধনী অনুষ্ঠানত কামাখ্যা একাদশ ক্লাবৰ কৃতী প্রবীণ খেলুৱৈসকলক একোখনকৈ ফুলাম গামোচাৰে সম্বর্র্ধনা জ্ঞাপন কৰা হয়৷

You might also like