বোকাজান মহকুমা প্ৰশাসনৰ উদ্যোগত অনুষ্টুপীয়াকৈ ৭৪ সংখ্যক স্বাধীনতা দিৱস পালনঃ জেষ্ঠ সাংবাদিক, আৰক্ষী বিষয়া, চিকিৎসকক বিশেষভাৱে সম্বৰ্ধনা
নিয়মীয়া বাৰ্তা, ১৬ আগষ্টঃ সমগ্ৰ দেশৰ লগতে অসমতো প্ৰান্তে প্ৰান্তে ৭৪ সংখ্যক স্বাধীনতা দিৱস উলহ-মালহেৰে অনুষ্টুপীয়াকৈ হলেও পালন কৰে ৰাজ্যবাসীয়ে। বোকাজান বিলাতী মাটি কাৰখানাৰ খেলপথাৰত মহকুমা প্ৰশাসনে অনুষ্ঠিত কৰা স্বাধীনতা দিৱস উদযাপনস্থলীত পতাকা উত্তোলন কৰে অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি দিলীপ তেৰাঙে। পতাকা উত্তোলনৰ পাছতেই দ্বিতীয় অসম বিশেষ সংৰক্ষিত বাহিনীৰ বিষয়া তথা জোৱানে পেৰেডত অংশগ্ৰহণ কৰে।এইবাৰ অসম চৰকাৰৰ সাংবাদিক পেঞ্চন লাভ কৰা ২০ গৰাকী অৱসৰপ্ৰাপ্ত সাংবাদিকৰ ভিতৰত বোকাজান মহকুমাৰ শিলনীজানৰ দিছিৰিগঞা সত্ৰত জন্মগ্ৰহণ কৰা তথা বৰ্তমান গোলাঘাটৰ স্থায়ী বাসিন্দা জেষ্ঠ সাংবাদিক, প্ৰকৃতিপ্ৰেমী অপূৰ্ব বল্লভ গোস্বামী আৰু বোকাজানৰ জেষ্ঠ সাংবাদিক থানেশ্বৰ নেওগ তথা অসম আৰক্ষীত বিশেষ পাৰদৰ্শিতাৰ বাবে মুখ্যমন্ত্ৰী পদক লাভ কৰা মহকুমা আৰক্ষী বিষয়া জন দাসক বোকাজানৰ স্থানীয় বিধায়ক ডাঃ নোমল ম’মিনে এখন গামোচা, এটা জাপি আৰু এখন সঁফুৰাৰে সম্বৰ্ধনা জনাই। আনহাতে মহকুমা প্ৰশাসনৰ তৰফৰ পৰাও তিনিওজনৰ লগতে ক’ভিড-১৯ ৰ বিৰুদ্ধে সেৱা আগবঢ়াই অহা বোকাজান সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ দেৱৰাজ দেউৰী আৰু ডাঃ টেনজিং ইংতিক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰাৰ উপৰিও ক’ভিড-১৯ ৰোগৰ পৰা সুস্থ হৈ উঠা দুগৰাকী ব্যক্তিকো এখন গামোচা আৰু ফলমূলৰ টোপোলাৰে অভিনন্দন জ্ঞাপন কৰে।কালিৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বোকাজানৰ বিধায়ক ডাঃ নোমল ম’মিনৰ উপৰিও কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কার্যবাহী সদস্য মাধুৰ্য্য ঢেকিয়াল ফুকন, অতিৰিক্ত সহকাৰী আয়ুক্ত ক্ৰমে বেমথই চানু, ত্বাহিৰ আলম আৰু ভাস্কৰ কলিতাই অংশগ্ৰহণ কৰে। উল্লেখ্য যে স্বাধীনতা দিৱস উপলক্ষে অনলাইন যুগে অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী সকলকো আজিৰ এই অনুষ্ঠানতে মহকুমা প্ৰশাসনৰ তৰফৰ পৰা বঁটা প্ৰদান কৰা হয়।