নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্য মন্ত্ৰীৰ নিৰ্দেশ মৰ্মে বাণিজ্য তথা উদ্যোগ মন্ত্ৰীৰ চিৰাঙৰ হিতাধিকাৰীৰে মতবিনিময়

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰ: ‘মুখ্য মন্ত্ৰীৰ নিৰ্দেশ মৰ্মে মই উভতনি যাত্ৰা পথত চিৰাং জিলাত হিতাধিকাৰীৰে মতবিনিময়ত মিলিত হৈছোঁ। হিতাধিকাৰী সকলে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে তেওঁলোকৰ কল্যাণৰ বাবে প্ৰদান কৰা চৰকাৰী অনুদান তথা আঁচনি সমূহৰ দ্বাৰা উপকৃত হৈছে নে নাই সেই বিষয়ে বুজ ল’বলৈ মই প্ৰত্যক্ষ ভাৱে হিতাধিকাৰী সকলৰে মতবিনিময় কৰোঁ। চিৰাং জিলা প্ৰশাসন আঁচনিৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈছে। জিলা খনে আঁচনি ৰূপায়ণত লাভ কৰা সফলতাত মই সন্তুষ্টি প্ৰকাশ কৰিছোঁ। লগতে জিলা প্ৰশাসনক সৰহ সংখ্যক হিতাধিকাৰীক আঁচনি সমূহৰ সৈতে জড়িত কৰিবলৈ আহ্বান জনাইছোঁ।’ বঙাইগাঁওত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত ৰাজধানী চহৰ গুৱাহাটীলৈ উভতি যাত্ৰাৰ পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি ৰাজ্যৰ বাণিজ্য তথা উদ্যোগ, পৰিবহন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে চিৰাঙত সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে। মন্ত্ৰী পাটোৱাৰীয়ে আজি চিৰাং জিলাৰ সদৰ মহকুমাৰ অন্তৰ্গত মংলাগাঁও, চিদলী নোমলপুৰ আৰু কাশীকোত্ৰা আদি বিভিন্ন ৰাজহ গাঁৱৰ বহু কেইটা হিতাধিকাৰী পৰিয়ালৰ বাসগৃহত উপস্থিত হয়। হিতাধিকাৰী সকলে কোভিড-১৯ বিধবা সাহায্য আঁচনি, অটল অমৃত যোজনা, ইন্দিৰা মিৰি ইউনিভাৰচেল বিধবা পেঞ্চন আঁচনি, ছহিদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি আৰু অন্যান্য চৰকাৰী আঁচনি সমূহৰ দ্বাৰা প্ৰকৃতাৰ্থত উপকৃত হৈছে নে নাই সেই বিষয়ে বুজ লয় আৰু চিৰাং জিলাৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰে। মন্ত্ৰীৰ ভ্ৰমণৰ সময়ত চিদলী বিধান সভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী,জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, আৰক্ষী অধীক্ষক প্ৰাণজিত বৰা প্ৰমুখ্যে অন্যান্য বিষয়া-কৰ্মচাৰী সকলে সংগ দিয়ে।

You might also like