নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেকৰা উঃ মাঃ বিদ্যালয়ত আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতা

নিয়মীয়া বাৰ্তা, ১৫ জুন : কামৰূপৰ হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লিটাৰেৰী প্লাৱৰ সৌজন্যত আজি এক আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয় | বহু দূৰ-দুৰণিৰ ছাত্ৰ-ছাত্ৰীৰ উপৰি স্থানীয় ৰাইজেও এই প্ৰতিযোগিতাত অংশ লয় | শিক্ষানুষ্ঠানখনৰ মহাৰজত জয়ন্তী বৰ্ষৰ স’তে সংগতি ৰাখি এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে | কুইজ প্ৰতিযোগিতাৰ ১ম পুৰস্কাৰ ট্ৰফীসহ ১৫০১ টকা, ২য় পুৰস্কাৰ ট্ৰফীসহ ১০০১ টকা আৰু ৩য় পুৰস্কাৰ ট্ৰফীসহ ৭০১ টকা বিজয়ী দলসমূহক প্ৰদান কৰা হয় | কুইজ প্ৰতিযোগিতাত এখন শিক্ষানুষ্ঠানৰ পৰা সৰ্বাধিক দুটা দলৰহে অংশগ্ৰহণ, এটা দলত দুজনকৈ শিক্ষাৰ্থী, বিনামূলীয়া অংশগ্ৰহণ আদি কেতবোৰ নিয়ম বান্ধি বিদ্যালয় প্ৰাংগণত দিনজোৰাকৈ আয়োজন কৰা বুলি নীলকান্ত কম্বৰে জনাইছে |বাসুদেৱ দাসে পৰিচালনা কৰা এই প্ৰতিযোগিতাত প্ৰশ্নোত্তৰত অংশ লোৱা দৰ্শকসকলৰ বাবেও বিভিন্ন আকৰ্ষণীয় পুৰস্কাৰৰ দিহা কৰা হয় |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like