নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটৰ শিক্ষকৰ কৃতিত্ব, আন্তঃৰাষ্ট্ৰীয় বিশেষ জুৰি বঁটা লাভ প্ৰদীপ শৰ্মা ভড়ালীৰ

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ ৰাজস্থান ফাউণ্ডেচনৰ সহযোগত চিম্পী জয়পুৰ আৰু থৰ সৰ্বোদয় সংস্থাৰ দ্বাৰা ৰাজস্থানৰ জয়পুৰত ২০২০ নৱম বাৰ্ষিক প্ৰিঞ্চিপাল আৰু টিচাৰ্ছ এৱাৰ্ড ৫ ছেপ্টেম্বৰত অনুষ্ঠিত হৈ যায়। সাম্প্ৰতিক ক’ভিড-১৯ মহামাৰীৰ বাবে পোনপ্ৰথমবাৰৰ বাবে ভাৰ্চুৱেল পদ্ধতিৰে এই চেৰিমনী এৱাৰ্ড সমাপন হৈ যায়।

আমেৰিকা, সংযুক্ত ৰাষ্ট্ৰ, উগাণ্ডা, ডুবাই, জাপান, সংযুক্ত আৰৱ এমেৰিটাছকে প্ৰমুখ্যে বিশ্বৰ প্ৰায় কেইবাখনো দেশৰ শিক্ষকক এই এৱাৰ্ডৰ বাবে মনোনীত কৰা হয়। বিশেষ জুৰিৰ দ্বাৰা নিৰ্বাচিত হোৱা এশগৰাকী শিক্ষকৰ ভিতৰত অসমৰ দুজন শিক্ষক নিৰ্বাচিত হয়। ইফালে যোৰহাট জিলালৈ এই সন্মান আনে যোৰহাট পকামুৰা ঢেকেলীয়া গাঁৱৰে বাসিন্দা তথা এগৰাকী শিক্ষকে।

পশ্চিম যোৰহাটৰ মহবন্ধা বাগান প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষকৰূপে কৰ্মৰত প্ৰদীপ শৰ্মা ভড়ালীয়ে এই বঁটা লাভ কৰে। প্ৰদীপ শৰ্মা ভড়ালীৰ কৃতিত্বত বিদ্যালয়ৰ লগতেই অঞ্চলবাসী ৰাইজ উৎফুল্লিত হৈ পৰিছে।

You might also like