নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগীৰোডত এক সপ্তাহ সম্পূৰ্ণ লকডাউন ঘোষণা ব্যৱসায়ী সন্থাৰ

নিয়মীয়া বাৰ্তা, ১৩ জুলাইঃ জাগীৰোডত এসপ্তাহৰ বাবে সম্পূৰ্ণ লকডাউন ৷ সোমবাৰে নিশা ১২ বজাৰ পৰা দেওঁবাৰ নিশা ১২ বজালৈ সম্পূৰ্ণ লকডাউনৰ ঘোষণা সদৌ জাগীৰোড ব্যৱসায় সন্থা আৰু জাগীৰোড নাগৰিক সমিতিৰ ৷

জাগীৰোডৰ তিনিটা পঞ্চায়ত জাগীৰোড পঞ্চায়ত, দেওঁশাল পঞ্চায়ত আৰু পালিগুৰী পঞ্চায়তৰ সম্পূৰ্ণ এলেকা বন্ধ থাকিব এই লকডাউনত ৷ মহানগৰীত সামাজিক সংক্ৰমন বৃদ্ধিৰ পিছত জাগীৰোডতো দিনক দিনে বৃদ্ধি পাইছে কৰোণাৰ সামাজিক সংক্ৰমন ৷ বিগত তিনিদিনত জাগীৰোডত ৩৪ জনৰ দেহত কৰোনা অৱস্থিতি ধৰা পৰিছে। আৰু এই কৰোণাৰ সামাজিক সংক্ৰমন ৰোধ কৰাৰ লক্ষ্যৰে এই ব্যৱস্থা গ্ৰহন কৰা হৈছে ৷

এই লকডাউনৰ সময় চোৱাত শাকপাচলি, ফলমূলৰ দোকানৰ লগতে কোনো ধৰনৰ দোকান পোহাৰ খুলিব নোৱাৰিব ৷ জাগীৰোড ব্যবসায়ী সন্থা আৰু জাগীৰোড নাগৰিক সমিতিৰ সিদ্ধান্ত মৰ্মে এই ব্যৱস্থা গ্ৰহন কৰা হৈছে ৷

You might also like