গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ মাটিয়া পাহাৰত বিশুদ্ধ পানী যোগানৰ নামত বৃহৎ অনিয়ম
নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰী : ৰাজ্য চৰকাৰে হাতত লোৱা বিভিন্ন জনহিতৈষী আঁচনিসমূহৰ ভিতৰত অন্যতম উল্লেখযোগ্য হৈছে জলজীৱন মিছন আঁচনি। যাৰ জৰিয়তে গ্ৰামাঞ্চলৰ প্ৰতি ঘৰতে বিনামূলীয়া বিশুদ্ধ খোৱাপানীৰ যোগান ধৰা হয়।
কিন্তু একাংশ অসাধু ঠিকাদাৰ আৰু বিষয়াৰ বাবে এই আঁচনিবোৰ অসাৰ হোৱাৰ দিশে গতি কৰিছে। গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা কাঁহিকুছি গাঁও পঞ্চায়তৰ অন্তৰ্গত মাটিয়া পাহাৰত জল জীৱন মিছন আঁচনিৰ নামত ঠিকাদাৰে অতি নিম্নমানৰ কাম কৰিয়ে দায়িত্ব সামৰাৰ অভিযোগ উঠিছে । অতি নিম্নমানৰ সা-সৰঞ্জাম, ভেল্ভ আদি লগোৱাৰ ফলত দুদিন নৌহওঁতেই পানী যোগান ব্যাহত হৈ পৰিছে। তদুপৰি পানীৰ পাইপসমূহ সুশৃংখলভাৱে লগোৱাৰ সলনি জধেমধে সংযোগ কৰাৰ ফলত ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে।
বিভাগীয় কৰ্তৃপক্ষক এইক্ষেত্ৰত ৰাইজে বহুবাৰ জনোৱাৰ পিছতো ঠিকাদাৰ বিৰুদ্ধে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল। বৰঞ্চ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী অভিযন্তাগৰাকীয়ে নিজাববীয়াকৈ দান-বৰঙণিৰে মেৰামতি কৰিবলৈ উপদেশ দিয়ে বুলি অঞ্চলটোৰ ৰাইজে জানিবলৈ দিয়ে। তদুপৰি মাটিয়া পাহাৰৰ গণেশপাৰা আৰু ইছলামপুৰস্থিত পানীৰ টেংকী দুটাত পানী শোধনৰ কোনো ব্যৱস্থা নকৰাকৈয়ে অশোধিত লেতেৰা পানী ৰাইজক যোগান ধৰি আহিছে।
কিন্তু জনস্বাস্থ্য কাৰিকৰী বিভাগে এইক্ষেত্ৰত একেবাৰে নীৰৱ ভূমিকা গ্ৰহণ কৰিছে বুলি অঞ্চলটোৰ ৰাইজে অভিযোগ উত্থাপন কৰিছে। খোদ মহানগৰীৰ সমীপৱৰ্তী অঞ্চলতেই জল জীৱন মিছন আঁচনিৰ এনেকুৱা বৃহৎ অনিয়ম সংঘটিত হৈছে তেতিয়াহলে ৰাজ্যৰ অন্য প্ৰান্তত উক্ত আঁচনি কেনেধৰণে ৰূপায়ণ হৈছে তাক প্ৰশ্ন উত্থাপন হৈছে।
প্ৰেৰক অমল কলিতা