নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰীত অপ্রতিৰোধ্য ড০ হিমন্ত বিশ্ব শর্মা

২০০১ৰ পৰা প্রতিটো নির্বাচনতে ক্রমাগতভাৱে ভোটৰ সংখ্যা বৃদ্ধি

নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ আগন্তুক বিধানসভাৰ প্রথম পর্যায়ৰ নির্বাচনলৈ মাজত কেইটামান দিন বাকী৷ শাসকীয় বিজেপি দলকে ধৰি প্রতিটো ৰাজনৈতিক দলে প্রার্থী বাছনিকে ধৰি নির্বাচনত নিজৰ নিজৰ প্রার্থীক কিদৰে জিকাই আনিব পাৰে, তাৰ অংকত ব্যস্ত হৈ পৰিছে৷ বিজেপি দলৰ লগতে কংগ্রেছ দলৰ প্রথমখন প্রার্থী তালিকা চূডান্ত হোৱাৰ লগে লগে একাংশ প্রার্থীয়ে প্রার্থিত্ব নোপোৱাৰ বেদনাত সমর্থকসকলে হাহাকাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷ এনে ঘটনা নতুন নহয়৷ পূর্বৰ পৰাই নির্বাচনৰ সময়ত এনে ঘটনা সংঘটিত হোৱাটো এক পৰম্পৰাত পৰিণত হৈছে৷ এইবাৰো ইয়াৰ ব্যতিক্রম হোৱা নাই৷ ৰাজ্যখনৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত জালুকবাৰী সমষ্টি এই ক্ষেত্রত সদায় অনন্য৷ প্রার্থীকেন্দ্রিক সংঘাত নাই সমষ্টিটোত৷ দলে যাকে প্রার্থিত্ব দিয়ে (যি কোনো দলৰে), তাকে কর্মীসকলে আদৰি লয়৷ ১৯৮৫ চনৰ পৰা ২০০১লৈ জাতীয়তাবাদী নেতা হিচাপে পৰিচিত ভৃগুকুমাৰ ফুকনে জালুকবাৰী সমষ্টিৰ পৰা (দুবাৰ এজিপি আৰু এবাৰ এন চি পি) নির্বাচনত অৱতীর্ণ হৈ বিধায়ক হিচাপে সমষ্টিটোৰ পৰা বিপুল ভোটত জয়ী হোৱাৰ পিছত ২০০১ চনত কংগ্রেছ দলৰ প্রার্থী ড০ হিমন্ত বিশ্ব শর্মাৰ হাতত ১০,০১০টা ভোটত পৰাজিত হৈছিল৷

২০০১ চনৰ পৰা ২০১১লৈ কংগ্রেছ দলৰ পৰা ড০ হিমন্ত বিশ্ব শর্মাই জালুকবাৰী সমষ্টিত অৱতীর্ণ হৈ বিপুল ভোটত জয়ী হোৱাৰ পিছত ২০১৬ চনত বিজেপি দলৰ পৰা সমষ্টিটোত প্রতিদ্বন্দ্বিতা আগবঢ়োৱাত তেওঁ নিকটতম প্রতিদ্বন্দ্বী কংগ্রেছ দলৰ প্রার্থীতকৈ ৮৫,৮৩৩টা ভোট বেছিকৈ লাভ কৰি বিধানসভালৈ নির্বাচিত হয়৷ ইয়াৰ পৰা বুজা যায় যে জালুকবাৰীত ড০ হিমন্ত বিশ্ব শর্মাৰ অপ্রতিৰোধ্য গতি অব্যাহত আছে৷ সমষ্টিটোত তেওঁ যি দলৰ পৰাই নির্বাচনত অৱতীর্ণ নহওক কিয়, তেওঁৰ বিজয় কিন্তু নিশ্চিত৷

সমষ্টিটোত ড০ শর্মাই কামৰূপৰ উপায়ুক্ত কার্যালয়কে ধৰি আন আন বহুতো গুৰুত্বপূর্ণ চৰকাৰী কার্যালয় স্থাপন কৰাৰ লগতে এইমছ, প্রতিটো অঞ্চলত প্রেক্ষাগৃহ, শিঙিমাৰীৰ পৰা শুৱালকুছিলৈ চাৰিলেনযুক্ত পথ, শুৱালকুছিত বৃহৎ ক্রীডা প্রকল্প, ছুইমিং পুল, দদৰাত তাৰকাগৃহ, গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত দলং নির্মাণ, ৰ’পৱেৰ ব্যৱস্থা, শুৱালকুছিৰ ৰাজপথত ষ্ট্রীট লাইট, মন্দিৰ–মছজিদ নির্মাণত ব্যাপক সঁহাৰি, সকলোবোৰ বাট–পথৰ উন্নীতকৰণ, সমষ্টিটোৰ শিক্ষিত যুৱক–যুৱতীক চৰকাৰী চাকৰি প্রদান, চৰকাৰৰ বিভিন্ন আঁচনিত সমষ্টিটোৰ লোকক অগ্রাধিকাৰ, অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ সময়ত শুৱালকুছিৰ সকলোবোৰ শিক্ষানুষ্ঠান উন্নত মানৰ কৰি গঢ়ি তোলা, ছাত্র–ছাত্রীসকলৰ মনোৰঞ্জনৰ বাবে বস্ত্র উদ্যান আৰু গান্ধী আশ্রম স্থাপন কৰাৰ দৰে সমষ্টিটোৰ প্রতিটো অঞ্চলতে সকলো ধৰণৰ সা–সুবিধা প্রদান কৰি দেশৰ ভিতৰতে এক অনন্য সমষ্টি হিচাপে তেওঁ গঢ়ি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে৷ পুনৰ সুবিধা পালে হয়তো জালুকবাৰী দেশৰ ভিতৰত এক নম্বৰত থকাটো নিশ্চিত হ’ব৷ এইবাৰো জালুকবাৰীবাসীয়ে ড০ হিমন্ত বিশ্ব শর্মাক সর্বাধিক ভোটত জয়ী কৰোৱাৰ বাবে চিন্তাচর্চা কৰিছে৷ জালুকবাৰীত আগন্তুক বিধানসভা নির্বাচনত ড০ শর্মাৰ বিজয় সুনিশ্চিত বুলি ধৰি ল’ব পাৰি৷

উল্লেখ্য যে ২০০১ চনত সমষ্টিটোত মুঠ ভোটাৰ আছিল ১,২৭,১২০৷ পোল হয় ৯৬,৩৫৮টা৷ ইয়াৰে ড০ হিমন্ত বিশ্ব শর্মাই (কংগ্রেছ) লাভ কৰে ৪৫,০৪৫টা, ভৃগুকুমাৰ ফুকনে (এন চি পি) লাভ কৰে ৩৫,০৩৫টা৷ ৰমেন ডেকাই (বিজেপি) লাভ কৰে ৮,২৭৮টা, পূর্ণ বডো (চিপিএম) লাভ কৰে ৩,১১০টা আৰু পুষ্প ডেকাই (এলজেএনএছপি) লাভ কৰে ১৬৮৩টা৷ ২০০৬ চনত সমষ্টিটোত মুঠ ভোটাৰ আছিল ১,৩৫,৬৮৫৷ ইয়াৰে ড০ হিমন্ত বিশ্ব শর্মাই (কংগ্রেছ) পায় ৭৬,৯৪৮টা, পুষ্প ডেকাই (এজিপি) ৩৪,৪৮০টা, জয়ন্ত দাসে (বিজেপি) পায় ৫৬৩২টা, বাপুকণ আলী (এইউডিএফ) ২৪৮৫টা আৰু মনোজ শইকীয়াই (এজিপি, প্র) পায় ১১৪২টা৷ ২০১১ চনত মুঠ ভোটাৰ আছিল ১,৬৪,৩৯৭৷ ইয়াৰে ড০ হিমন্ত বিশ্ব শর্মাই (কংগ্রেছ) লাভ কৰে ৯৩,৮১২টা, প্রদ্যুৎ বৰাই (বিজেপি) লাভ কৰে ১৬,৪০৯টা, মনোজ শইকীয়াই (এজিপি) ১৪,৮৮৭টা, বিমল মুছাহাৰী (টিএমচি) ১,২৮০টা, ৰমেন লহকৰে (নি) ১,০৩৭টা, নাথুনি দাসে (সমাজবাদী) ৮৩৬টা, প্রফুল্ল ভৰালীয়ে (নি) ৪৯৫টা আৰু নৱ কুমাৰ নাথে (নি) ৪৭৩টা৷ ২০১৬ চনত মুঠ ভোটাৰ আছিল ১,৮০,৮১৮৷ ইয়াৰে ড০ হিমন্ত বিশ্ব শর্মাই (বিজেপি) লাভ কৰে ১,১৮,২৬৯টা, নিৰেন ডেকা (কংগ্রেছ)ই লাভ কৰে ৩২,৪৩৬টা, নৱ কুমাৰ দাসে (নি) লাভ কৰে ২৯০টা, মইনুল হকে (বিএইচএআৰডি) ১৬৯টা, অমিত বাছফৰ (আৰএজেপিএ) ৬১৪টা, ৰমেন চন্দ্র লহকৰে (নি) ৬৩৬টা, ছাদেক আলীয়ে (এআইটিচি) ৩৭১টা, নাথুনি দাসে (আৰপিআইএ) ১৬৪টা,বাপী আইচে (বিজিএএনপি) ১৮৯টা আৰু মাকনি বর্মনে (আৰপিপি) ১৬৪টা৷ ২০০১ চনৰ পৰা জালুকবাৰী সমষ্টিত ড০ হিমন্ত বিশ্ব শর্মাৰ ক্রমাগতভাৱে ভোটৰ সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ এইবাৰো বৃদ্ধি হোৱাটো প্রায় নিশ্চিত

You might also like