বজালীৰ বিশিষ্ট কবি, গীতিকাৰ, অধ্যাপক জয়ন্ত গোস্বামীৰ বিয়োগ
নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ বজালীৰ এগৰাকী বিশিষ্ট কবি, ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপক, পাঠশালাৰ নিকটৱৰ্তী গোবিন্দপুৰ সত্ৰ নিৱাসী, সৰবৰাহী ব্যক্তি জয়ন্ত গোস্বামীৰ (৫৬)আজি পুৱা ১১ বজাত পৰলোকপ্ৰাপ্তি ঘটা খবৰে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে৷ উল্লেখ্য যে অতি অমায়িক স্বভাৱৰ ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ বিভাগীয় মুৰব্বী গোস্বামী বিগত কিছুদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল৷ বজালীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানতৰ সতে জড়িত গোস্বামী এজন সু লেখক আৰু বিশিষ্ট গীতিকাৰ হিচাপেও সু পৰিচিত আছিল৷ ইতিমধ্যে তেওঁৰ কবিতা পুথি প্ৰকাশ হোৱাৰ উপৰি আবৃত্তিৰ অডিও প্ৰকাশ হৈছিল৷ বজালীৰ জেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ গোস্বামী জেষ্ঠ ভাতৃ জয়ন্ত গোস্বামীৰ আকস্মিক বিয়োগত পাঠশালা প্ৰেছ ক্লাৱ, বজালী জিলা সাংবাদিক সন্থাকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷ আজি দিনৰ ভাগত গোস্বামীৰ নশ্বৰ দেহ তেওঁৰ কৰ্মস্থলী ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়লৈ লৈ গৈ শিক্ষক কৰ্মচাৰী তথা ছাত্ৰ ছাত্ৰীসকলে সকলে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷ মৃত্যুৰ সময়ত পত্নী সহ এজন পুত্ৰ, দুগৰাকী কন্যা, মাতৃ, ভাতৃ-ভগ্নীক ইহ সংসাৰ এৰি থৈ যোৱা অধ্যাপকগৰাকীৰ আজি আবেলি পাটাছাৰকুছিৰ ৰাজহুৱা শ্মশানত শেষকৃত্ত সম্পন্ন কৰা হয়৷
প্ৰেৰকঃ কল্যাণ কলিতা৷