নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গমধৰ কোঁৱৰ স্মৃতিৰক্ষা সমিতিৰ সম্পাদক জিণ্টু হাজৰিকাৰ চিকিৎসাৰ দায়িত্ব ল’লে মুখ্যমন্ত্রীয়ে

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ গমধৰ কোঁৱৰৰ ত্যাগ, দেশ আৰু জাতিপ্রেমক নৱপ্রজন্মৰ মাজত নকৈ চিনাকি কৰাহ দিয়াব্যক্তিসকলৰ ভিতৰত অন্যতম ড০ জিন্তু হাজৰিকাৰ চিকিৎসাৰ সকলো খৰচ ৰাজ্য চৰকাৰে বহন কৰিব৷ আজি মৰিয়নি নকছাৰীৰ তৰাতলি ৰজাবাৰীত অৱস্থিত দেশৰ প্রথম স্বাধীনতা সেনানী গমধৰ কোঁৱৰ স্মৃতি ডদ্যানলৈ আহি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাহ এহ মন্তব্য কৰে৷ চেন্নাহত ড০ হাজৰিকাৰ চিকিৎসাৰ সম্পূর্ণ ব্যৱস্থা কৰাৰ লগতে তেওঁক সুস্থিৰ কৰি তোলাৰ দায়িত্ব চৰকাৰে গ্রহণ কৰিব বুলি ডল্লেখ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাহ হয়াৰ বাবে প্রয়োজনীয় সকলো খৰচ ৰাজ্য চৰকাৰে বহন কৰিব বুলি মন্তব্য কৰে৷ হয়াৰ বাবে হতিমধ্যে সাংসদ তপন কুমাৰ গগৈয়ে প্রাৰম্ভিক কাম–কাজ আৰম্ভ কৰিছে বুলিও মুখ্যমন্ত্রীগৰাকীয়ে সদৰী কৰে৷

উল্লেখ্য যে প্রাক্তন ছাত্রনেতা, গমধৰ কোঁৱৰ স্মৃতি সুৰক্ষা সমিতিৰ সম্পাদক, যুৱ নাট্যকাৰ, সুবক্তা ড০ জিন্তু হাজৰিকাহ পৰিত্যক্ত তৰাতলিৰ ৰজাবাৰীক নকৈ চিনাকি কৰাহ দিয়াৰ লগতে ডক্ত স্থানক এক পর্যটন ক্ষেত্রলৈ ৰূপান্তৰিত কৰাৰ প্রচেষ্টা চলাহছিল৷ ‘সাঁচিপাতৰ পুথিৰ পৰা মহ গমধৰে কৈছোঁ’ নামৰ নাটকৰ যোগেদি নতুন প্রজন্মৰ মাজত গমধৰ কোঁৱৰৰ জীৱনীক নকৈ ডপস্থাপন কৰাৰ প্রয়াস চলাহছিল৷ কিন্তু বিগত কিছুদিন ধৰি তেওঁ শাৰীৰিকভাৱে অসুস্থ হৈ আছে৷ তেওঁ নিজাববীয়াকৈ চিকিৎসা কৰাহছিল যদিও তাৰ পৰা বিশেষ সুফল লাভ নকৰিলে৷ বিপৰীতে স্বাস্থ্যৰ অধিক অৱনতিহে ঘটে৷ সম্প্রতি যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ড০ হাজৰিকাৰ লগতে পৰিয়ালটো৷ আজি মুখ্যমন্ত্রীৰ ঘোষণাক ৰাহজে শলাগ লোৱাৰ উপৰি পৰিয়ালটো একপ্রকাৰ বিপদৰ পৰাও সকাহ পাহছে৷

You might also like