নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘজানৰ সকলো তেলখাদ বন্ধৰ হুংকাৰ জিতেন দত্তৰ

নিয়মীয়া বাৰ্তা, ১৪ জুনঃ  শনিবাৰে পঞ্চম দিনাও দাওদাওকৈ জ্বলি আছে বাঘজানত অৱস্থিত অইল ইণ্ডিয়া লিমিটেডৰ বি জি আৰ ৫নং তেলখাদ৷ অইল ইণ্ডিয়াই খাদৰ জুই নির্বাপিত কৰাৰ বাবে যুদ্ধকালীন তৎপতাৰে কাম চলাই আছে যদিও সফল হোৱা নাই৷ ছিংগাপুৰৰ পৰা অহা এলার্ট ডিজেষ্টাৰ কণ্ড্র’লৰ বিশেষজ্ঞ দলটোৱে বাঘজানত উপস্থিত হৈ সমগ্র পৰিৱেশ অধ্যয়ন কৰি যায় বুলি জানিব পৰা গৈছে৷

ইফালে, শনিবাৰে ক্ষতিগ্রস্ত লোকসকলৰ খবৰ কৰিবলৈ আহে আলোচনাপন্থী আলফা নেতা জিতেন দত্ত৷ তেওঁ ক্ষতিগ্রস্ত লোকসকলক পুনৰ নিজা ঘৰলৈ উভতি যাবলগীয়া পৰিস্থিতি সৃষ্টি নোহোৱা পর্যন্ত শিবিৰত পর্যাপ্ত সুবিধা প্রদান কৰিবলৈ দাবী জনায়৷ খাদৰ জুই নির্বাপিত কৰিব নোৱাৰালৈকে আৰু ক্ষতিগ্রস্ত ৰাইজৰ জীৱন আৰু সা–সম্পত্তিৰ এশ শতাংশ নিৰাপত্তা সুনিশ্চিত নকৰালৈকে বাঘজান আৰু বাৰেকুৰি অঞ্চলৰ অইলক কোনো খাদতেই খননকার্য চলাবলৈ দিয়া নহ’ব বুলি তেওঁ হুংকাৰ দিয়ে৷

বিগত ৩০–৪০ বছৰে খেতি–বাতি কৰি জীৱিকা নির্বাহ কৰা এই লোসকলে অনাগত ৩০–৪০ বছৰে উক্ত মাটিত খেতি–বাতি কৰি খাব নোৱাৰিব৷ গতিকে এই ক্ষতিগ্রস্ত লোকসকলক অনাগত ৩০–৪০ বছৰে চলিব পৰাকৈ ক্ষতিপূৰণ দিব লাগিব বুলি তেওঁ দাবী কৰে৷ তদুপৰি ক্ষতিগ্রস্ত পৰিয়ালৰ প্রতিটোৰে একোজনকৈ সদস্যক অইল ইণ্ডিয়াত চাকৰি দিব লাগিব বুলিও তেওঁ দাবী কৰে৷

আনহাতে, শনিবাৰে বাঘজান–দীঘলটৰং মধ্য ইংৰাজী বিদ্যালয়ত আশ্রয় লৈ থকা লোকসকলৰ দুখৰ সমভাগী হ’বলৈ উপস্থিত হয়হি শ্রীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কৰুণাকান্ত কলিতা সমন্বতি এটা সঁজাতী দলে৷ নিজৰ সকলো হেৰুৱাই আশ্রয় শিবিৰত অনিদ্র ৰজনী কটোৱা লোকসকলৰ এনে দুর্দশাৰ বাবে অইল ইণ্ডিয়া লিমিটেডক তেওঁ দোষাৰোপ কৰে৷ ক্ষতিগ্রস্ত লোকসকলক উচিত ক্ষতিপূৰণ দিবলৈ অইল ইণ্ডিয়াক আহ্বান জনাই পদাধিকাৰীগৰাকীয়ে কয় যে এইক্ষেত্রত শ্রীমন্ত শংকৰদেৱ সংঘই ৰাইজক সকলো ধৰণৰ সহায়–সহযোগিতা আগবঢ়াব৷ ইয়াৰ উপৰি শনিবাৰে ডিব্রুগড় বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ ছাত্র–ছাত্রী বাঘজানত উপস্থিত হৈ সর্বস্বান্ত হোৱা বাঘজানবাসীৰ মাজত কাপোৰ–কানি, শিশু খাদ্য, বিভিন্ন খাদ্য–সামগ্রী আদি বিতৰণ কৰে৷

ইফালে, শিবিৰৰ লোকসকলৰ কিঞ্চিত হ’লেও সহায়ক হ’ব পৰাকৈ সাহায্যৰ বাবে আগবাঢ়ি আহিছে একাংশ অসমীয়া গৱেষক ছাত্র–ছাত্রী৷ ৰাজ্যৰ বাহিৰত থকা অসমৰ ছাত্র–ছাত্রীসকলে তেওঁলোকৰ ছ’চিয়েল মিডিয়া গ্রুপৰ মাধ্যমৰ জৰিয়তে সংগ্রহ কৰা ২৫ হাজাৰ টকাৰে প্রয়োজনীয় সা–সামগ্রী শনিবাৰে গুঁইজান আশ্রয় শিবিৰত বিতৰণ কৰে৷ শনিবাৰে উক্ত সাহায্য সামগ্রী বিতৰণত সহযোগিতা কৰে লকডাউনৰ বাবে তিনিচুকীয়াৰ নিজ ঘৰত থকা মুম্বাই আই আই টিৰ গৱেষক ছাত্র পৃথ্বিৰাজ বৰা, দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্রী লোপামুদ্রা তামুলী আৰু অভিযন্তা আকাশ বৰুৱাই৷

You might also like