নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাৰ মালেগড়ত খহনীয়াৰ কাল ৰূপঃ নৈৰ বুকুত বিলীন ইটোৰ পাছত সিটো বাসগৃহ; নিদ্ৰাহৰণ নৈ পৰীয়াৰ

খহনীয়াৰ বাতৰি কৰিবলৈ যোৱা সাংবাদিকক বাধা পঞ্চায়ত সভাপতিৰ চেলা চামুণ্ডাৰ

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ  বঙাইগাওঁ জিলাৰ যোগীঘোপা মালেগড়ত খহনীয়াই বিধ্বংসী ৰূপ ধাৰণ কৰিছে । ব্ৰহ্মপুত্ৰ ,বেকী আৰু মানাহ নৈয়ে মালেগড়ৰ  তিনিকোণীয়াত ওচৰতেই মিলিত হৈ  নৈৰ গতিবেগ অধিক হোৱাৰ ফলতে খহনীয়া তীব্ৰৰূপ ধাৰণ কৰি ইতিমধ্যে বহু পৰিয়ালৰ ভেটি মাটি- ঘৰ-বাৰী উছন কৰাৰ পাছতো অব্যাহত আছে নৈৰ ভয়ংকৰ খহনীয়া। যোৱা চাৰিদিন ধৰি  খহনীয়াই আৰু অধিক ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে।ভয়ংকৰভাবে চৰপা-চপৰে খহিছে নৈৰ পাৰ। প্ৰায় অৰ্ধ শতাধিক পৰিয়ালে সপোনৰ পকী ঘৰত হাতুৰীৰ কোব শোধাই লাম-লাকুটি লৈ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে। চলিত বৰ্ষৰ পৰাই আৰম্ভ হোৱা নৈ কেইখনৰ খহনীয়াত শতাধিক ঘৰ-বাৰী ,ভেটি মাটি,কৃষি আদি সৰ্বোচ্চ হেৰুৱাইছে  ।

উল্লেখ্য  যে প্ৰতিটো পৰিয়ালে দশক-দশক ধৰি টনকিয়াল জীৱন-যাপন কৰি অহাৰ পাছত বৰ্তমানে সৰ্বোচ্চ হেৰুৱাই আনৰ ঘৰত আশ্ৰয় ল’ব লগা হোৱাত কান্দোনত ভাঙি পৰিছে লোকসকলে ।চকুৰ পলকতে চপৰাচপৰকৈ খহিছে নৈৰ পাৰ ।উল্লেখ্য যে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে যোৱা  ২১ জুনত আৰু  পৰবৰ্তী সময়ত যোৱা  ১২ জুলাইত মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মালেগড়ত খহনীয়া অঞ্চল পৰিদৰ্শন কৰি প্ৰতিৰোধ ব্যৱস্থাৰ বাবে আচঁনি গ্ৰহণৰ প্ৰতিশ্ৰুতি দি থৈ যায় ।  মুখ্যমন্ত্ৰীয়ে উভতি যোৱাৰ পাছৰে পৰা কিছুদিনলৈ জিলা উপায়ুক্ত, জলসম্পদ বিভাগৰ বিষয়া  কৰ্মচাৰীকে ধৰি বহু বিষয়া উপস্থিত হয়  যদিও খহনীয়াৰ প্ৰতিৰোধ  নোহোৱাত এটাৰ পাছত এটাকৈ বিলীন গৈছে ঘৰ-দুৱাৰ ,ভেটি মাটি । কালি বঙাইগাঁও জিলা উপায়ুক্ত নৱদ্বীপ পাঠকে খহনীয়া অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ।

আনহাতে মালেগড়ৰ তিনিকোণীয়াত  খহনীয়া কাল ৰূপ ধাৰণ কৰাৰ সময়তে কালি  বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা এদল সাংবাদিকক বিজেপি দলৰ স্থানীয় ভেৰোনীয়া গুণ্ডাবাহিনীয়ে বাধা আৰোপ কৰাকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।  ইয়াৰ নেপথ্যৰ না‌য়ক গৰাকী হৈছে বিজেপি দলৰ পৰা নিৰ্বাচিত হোৱা মালেগড় গাওঁ পঞ্চায়তৰ সভাপতি ছাইফুল ইছলাম । সাংবাদিকে যাতে কোনো প্ৰকাৰে খহনীয়াৰ বাতৰি সংগ্ৰহ কৰিব নোৱাৰে তাৰ বাবে একাংশ বিজেপি দলৰ কৰ্মীক সভাপতি ছাইফুল ইছলাম কঢ়া নিৰ্দেশ দি থৈছিল । ফলত তিনকোনীয়াৰ খহনীয়া স্থলীৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা যোগীঘোপাৰ সাংবাদিকক আগচি ধৰে । ভেৰোনীয়া গুণ্ডা দেলবাৰ আলীয়ে কেমৰা অন নকৰিব বুলি সাংবাদিকক ভাবুকি দিয়ে । আমি বহুত বেয়া মানুহ , কেমেৰা অন কৰিলে পৰিস্থিতি বেয়া হব বুলি চৰম ভাবুকি দিয়ে । বিজেপি দলৰ গুণ্ডাৰ দলটোৱে উত্তেজিত হৈ তৰ্কযুদ্ধত লিপ্ত হয় । দেলবাৰ আলীয়ে উল্লেখ কৰা মতে , বিজেপিৰ বঙাইগাঁও জিলা সমিতিৰ সভানেত্ৰী হিমানী অধিকাৰীয়ে কালি পুৱা মালেগড় পঞ্চায়তৰ সভাপতি ছাইফুল ইছলামক ফোন যোগে উক্ত গাঁৱৰ খহনীয়াৰ বাতৰি কৰিব’লৈ যোৱা সাংবাদিক বাতৰি নকৰিবলৈ কঢ়া নিৰ্দেশ প্ৰদান কৰে । তাৰ বাবেই ছাইফুল ইছলামে একাংশ ভেৰোণীয়া গুণ্ডাৰে সাংবাদিকক বাতৰি সংগ্ৰহ কৰিবলৈ বাধা প্ৰদান কৰে বুলি অভিযোগ উত্থাপিত হৈছে । পঞ্চায়ত সভাপতি গৰাকীৰ এনে কৰ্মকাণ্ডই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

টিংকু চন্দ্ৰ দাস, যোগীঘোপা 

You might also like