নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাত ড্ৰাগছ ব্যৱসায়ীক জেল হাজোতলৈ প্ৰেৰণ 

 

 

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ- বঙাইগাঁও জিলাৰ যোগীঘোপা আৰক্ষীয়ে এজন ড্ৰাগছ ব্যৱসায়িক গ্ৰেপ্তাৰ কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰে ।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ ব্যৱসায়ীজন কাবাইটাৰী চতুৰ্থ খণ্ড গাঁৱৰ জাবেদ আলী(৩০) বুলি আৰক্ষী সূত্ৰে জনা গৈছে ।যোগীঘোপা থানাত পূৰ্বে  পঞ্জীয়ন  হৈ থকা ২০৩/২০২২ নম্বৰৰ এটা গোচৰৰ ভিত্তিত আজি উত্তৰ শালমাৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰণ কৰে ।জানিব পৰা মতে, যোৱা দুই ডিচেম্বৰত যোগীঘোপা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুকেশ ঘোষৰ নেতৃত্বত আৰক্ষীৰ এটা দলে জাবেদ আলীৰ বাসগৃহত অভিযান চলায় য়ে জাবেদ আলীৰ বাসগৃহত অভিযান চলাই ৬৯৬ টা নিচাজাতীয় কেপছুল উদ্ধাৰ কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ীৰ লগত জড়িত থকাৰ অভিযোগত তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ।আনহাতে আৰক্ষীৰ অভিযানৰ সময়তে সুযোগ বুজি উক্ত স্থানৰ পৰা পলায়ন কৰে ড্ৰাগছ ব্যৱসায়ী জাবেদ আলীয়ে ।দীৰ্ঘদিনৰ পৰা পলায়ন কৰা ড্ৰাগছ ব্যৱসায়ী জাবেদ আলীক কালি কাবাইটাৰী পৰা গ্ৰেপ্তাৰ কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰে ।

 

 

¦¦ টিংকু চন্দ্ৰ দাস, যোগীঘোপা

 

You might also like