ব্ৰহ্মপুত্ৰৰ সূঁতিয়ে কেইবাটাও অংশত ছিঙিলে দদেৰে বৰ্মণ চেন্টাৰ সংযোগী পথ
নিয়মীয়া বাৰ্তা, ৭ আগষ্টঃ ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰৰ লাইমেকুৰী গাওঁ পঞ্চায়তৰ মেচাকি চাপৰিত ব্ৰহ্মপুত্ৰৰ সূঁতি সোমাই চৰ চাপৰি অঞ্চলৰ কেবাখনো কৃষিজীৱি গাঁৱৰ শস্যপথাৰৰ লগতে বাট পথৰ বিস্তৰ ক্ষতিগ্ৰস্ত কৰি পেলাইছে।মেচাকি চাপৰিৰ মুকলিপথাৰ আৰু মিলনপুৰ গাঁৱৰ মাজেৰে সোমাই মোহনামুখ বড়ো, মোহনামুখ গোৱালা গাঁও হৈ পুৰণা মেচাকি নলাত সংযোগ হৈছে ব্ৰহ্মপুত্ৰৰ সূঁতি। সোমাই অহা ব্ৰহ্মপুত্ৰৰ সূঁতিয়ে দদেৰে গাঁৱৰ পৰা বৰ্মণ চেন্টাৰ সংযোগী
পথৰ মোহনামুখ গোৱালা গাঁৱৰ লগতে বৰ্মণ চেন্টাৰ অংশত ছিঙি পেলোৱাৰ ফলত অঞ্চলৰ ৰাইজৰ যাতায়াতত ভীষন সমস্যাৰ সৃষ্টি হৈছে।
পুৰণা মেচাকি নলাৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ সূঁতিটো ৰুমৈ ৰুমৈ, ৩ নং মেচাকি, আন’ চাপৰি হৈ বামুনঘূলীত লালী নদীৰে লগ লাগি কয়লা আলিৰ বিঞ্চুপুৰ বড়ো গাঁৱৰ মাজেৰে পুনৰ ব্ৰহ্মপুত্ৰত পৰিছেগৈ।
ব্ৰহ্মপুত্ৰৰ সূঁতি সোমাই অহাৰ ফলত মেচাকি চাপৰিৰ কেবাখনো গাঁৱৰ শস্যপথাৰ, বাট পথৰ লগতে চৰকাৰী নিবিদা থকা মীন মহল আদি বিস্তৰ ক্ষতিগ্ৰস্ত হৈছে। উল্লেখ্য যে ব্ৰহ্মপুত্ৰ আৰু লালী নদীৰ বক্ষত থকা চৰ অঞ্চলটোৰ অধিকাংশ গাঁৱৰ খেতিয়কৰ শস্যপথাৰ বানত নিঃশেষ হৈছে।
মেচাকি চাপৰি ৰাভা, বড়ো, মুকলি পথাৰ, মিলনপুৰ, ৰুমৈ ৰুমৈ, উদয়পুৰ, চিঙ্গাপুৰ, জেউতি পথাৰ, ৩ নং মেচাকি, ৩ নং সূত্ৰধৰ, আন’ চাপৰি,
কাঞ্চা টুকুৰা, জাউঘূলী মিচিং, জাউঘূলী বড়ো,সীতাৰাম চাপৰি, কয়লা আলি,
বিঞ্চুপুৰ,মাছুৱা কেম্প আদি কৃষিজীৱি গাঁও সমূহৰ খেতি পথাৰত ব্ৰহ্মপুত্ৰ আৰু লালী নদীৰ বানপানীয়ে বালি, পলস পেলাই ধ্বংসলীলা সৃষ্টি কৰিছে। চৰ চাপৰি অঞ্চলৰ কৃষি পথাৰ, বাট পথ সকলোতে বোকাময় হোৱাৰ ফলত পশু ধনৰ মাজত খাদ্য সংকটৰ সৃষ্টি হোৱাৰ লগতে গৰু, মহৰ মাজত বিভিন্ন ধৰণৰ ৰোগৰ প্ৰাদুভাব হোৱা দেখা গৈছে।পেট ফুলা, চাল ছিগা, গ্ৰহণী আদি বিভিন্ন বেমাৰত আক্ৰান্ত হৈ চৰ চাপৰি অঞ্চলটোত পশু ধনৰ মৃত্যু মুখত পৰিছে।