কল্যাণ আশ্ৰম অসমৰ উদ্যোগত জোনাইত ১৫০ টা পৰিয়ালত বান সাহাৰ্য্য বিতৰণ
নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰ: ধেমাজি জিলা জোনাই মহকুমাত অৰ্ধশতাধিক গাওঁ চিয়াং আৰু লালী নৈৰ আৰু আন আন উপনৈ সমূহৰ বাঢ়নী পানীৰ বানৰ কবলত পৰি সৰ্বোচ্চ হেৰুৱা শ শ পৰিয়াল বান শিবিৰ আৰু মঠাউৰি ওপৰত বসবাস কৰি আছে৷ নিজা ঘৰ বাৰী এৰি শ শ বানাক্ৰান্তই মথাউৰিৰ ওপৰত আশ্ৰয় লব লগা অৱস্থাত৷ জোনাইৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ অৱস্থা অধিক শোচনীয় হয় পৰিছে৷ শ শ হেক্টৰ কৃষিভূমি পশুধন বানৰ কবলত৷ মথাউৰিত আশ্ৰয় লোৱা ৰাইজৰ মাজত খাদ্য সামগ্ৰী আৰু টিৰপালৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷
ৰাইজৰ এনে দুৰ্যোগৰ সময়ত বুধবাৰে কল্যাণ আশ্ৰম অসম , ধেমাজি জিলাৰ উদ্যোগত আৰু জেমচ্ এণ্ড জুৱেলাৰী নেচনেল ৰিলিফ ফাউনডেচন, মুম্বাইৰ সহযোগত ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত ১নং চিৰামপুৰীয়া, ২ নং চিৰামপুৰীয়া, ৰাংকপ দেউৰী গাওঁ, কেৰকেৰ ,ভলুকাগুৰী, মেম্বাৰ চুক, মধ্য লক্ষীপুৰ , ৰোহিতপুৰ দেউৰী গাঁও, নলনীপাম, হৰিপুৰ দেউৰী আৰু হৰিপুৰ মিচিং গাঁও ১৫০ পৰিয়ালত একোখনকৈ ট্ৰিপাল, ফেনাইল বটল, ব্লিচিং পাউদাৰ আলুৰ বীজ আদি বিতৰণ কৰা হয়। উক্ত সময়ত জোনাই মহকুমাৰ সভাপতি দত্তৰাম দলে, চাৰ্কোল সমিতিৰ সভাপতি গোপাল চন্দ্ৰ দলে , উপ সভাপতি লক্ষীপ্ৰসাদ দলে , ৰাজ্যিক সহ সাংগঠনিক সম্পাদক শৰৎ চন্দ্ৰ দলে, কাৰ্য্যকৰ্তা সকল ক্ৰমে মধুৰাম পেগু ,দুতিৰাম দলে, প্ৰফুল্ল পাঠৰি, দিব্যজ্যোতি পেগু আদি উপস্থিত থাকে।