নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত বানপানী আৰু গৰাখহনীয়াৰ স্থায়ী সমাধান নকৰিলে গণ আন্দোলনৰ হুংকাৰ আছুৰ

মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীৰ প্ৰতিকৃতি দাহ

নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ জোনাইত বানপানী স্থায়ী সমাধানৰ দাবীত আজি জোনাই মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাংকপ তিনিআলিৰ পৰা বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি জোনাই মহকুমাধিপতিৰ কাৰ্যালয় প্ৰাঙ্গনত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, শিক্ষা,বিত্তমন্ত্ৰী ও স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ প্ৰতিকৃতি দাস কৰি প্ৰতিবাদ সাব্যস্ত কৰে জোনাই মহকুমা ছাত্ৰ সন্থাই । অসম চৰকাৰ হায় হায়,সৰ্বানন্দ সোনোৱাল হুচিয়াৰ, বান নিয়ন্ত্ৰনত ব্যৰ্থ হোৱা জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত মুৰ্দাবাদ, এই জুই জ্বলিছে , মিছলীয়া বিত্তীয় মন্ত্ৰীৰ হায় হায় , বিজেপি গ’বেগ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তোলে জোনাইত৷

   উক্ত প্ৰতিবাদ স্থলীৰ পৰাই আছুৰ উপ সভাপতি চিত্ৰ বসুমতাৰীয়ে কয় জোনাই অঞ্চলৰ চিয়াং-লালী, চিমেন নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ প্ৰতি বছৰে গৰাখহনীয়া আৰু বানপানী লাখ লাখ জনসাধাৰণৰ মাজত দুৰ্যোগ আনি আছে৷ এই চৰকাখনে কোনো মথাউৰি , বল্ডাৰ স্পাৰ আৰু বিজ্ঞান সন্মত ভাৱে সমস্যা সমাধান নকৰিলে ৷ লগতে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰক কটাক্ষ কৰি কয় যে বানপানী নিয়ন্ত্ৰণ নামত মথাউৰি কিম্বা স্পাৰ নিৰ্মাণ নকৰিলেই আৰু এটাও আচঁনি লোৱাটো দূৰৰে কথা এটা শিলগুটিও নপৰিল৷বানপানী নিয়ন্ত্ৰণৰ নামত৷ আজি চৰকাৰৰ এনে গাফিলতিৰ ফলত জোনাইৰ বৃহত্তৰ বেৰাচাপৰি অঞ্চলৰ লগতে মহকুমাটোৰ নৈপৰীয়া অঞ্চলত শ শ হেক্টৰ কৃষিভূমি নদীত জাহ যোৱাৰ লগতে কেবাহাজাৰ পাৰিয়ালৰ গৃহহাৰা, হল, পশুধন ক্ষতিসাধন হল, কিন্তু এই চৰকাৰে বানপানীত থকা মনুহৰ কাৰনে কোনোধৰনৰ সংস্থাপনৰ ব্যৱস্থা আৰু ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ বানক্ৰান্ত ৰাইজৰ মাজত প্ৰশাসনৰ ফালৰ পৰা খাদ্য সামগ্ৰী আৰু সাহায্যৰ যোগান ধৰাৰ নামত ব্যাপক দুৰ্নীতি হোৱা বুলি অভিযোগ কৰে৷ চৰকাৰে বানপীড়িত বেৰাচাপৰিত অঞ্চলটোক খিৰতি গাইৰ দৰে ব্যৱহাৰ কৰি আহিছে কিয়নো বাৰিষাৰ সময়ত ৫০ লাখ টকীয়া মথাউৰি নিৰ্মাণ কৰি জলসম্পদ বিভাগৰ অভিযন্তা , ঠিকাদাৰ , জনপ্ৰতিনিধি সকলৰ লুন্ঠনৰ বলি হব লগা হৈছে হৈছে বৃহত্তৰ বেৰাচাপৰি , লুহিজান অঞ্চলৰ বাসিন্দা৷ লগতে ক’ৰোনা নামতো দুৰ্নীতি আৰম্ভ কৰিছে ৷

  অনাগত দিনত যদিহে বানপানী নিয়ন্ত্ৰণ কাৰনে স্থায়ী মথাউৰি নিৰ্মাণ নকৰে, বানপানী নিয়ন্ত্ৰণৰ নামত দুৰ্নীতি বন্ধ নকৰে আৰু বানপানীত ক্ষতিগ্ৰস্ত লোকক পুণৰ সংস্থাপনৰ লগতে সাহাৰ্য প্ৰদান নকৰে তেন্তে জোনাই মহকুমা ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ শুংকাৰ দিয়ে৷ আজিৰ বিক্ষোভ কৰ্যসূচীত ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি ৰাজীব গগৈ ধেমাজী জিলা ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক দিলিপ কুটুম ধেমাজী জিলা ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক কৈলাশ মিৰি জোনাই মহকুমা ছাত্ৰ সন্থাৰ সভাপতি ৰঞ্জিত বসুমতাৰীৰ লগতে জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মানহ প্ৰতিম বৰা সাধাৰন সম্পাদক ৰাজ ৰিছি পেগু ৰ লগতে জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকতা সকল আৰু বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মেদিনি দলে সাধাৰন সম্পাদক চন্দ্ৰকান্ত বৰুৱা ৰ লগতে বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকতাই আজি কায্য সুচীত অংশ লয়৷

You might also like