জোনাইত অসমী বাণিজ্য মেলা ও মহিলা সমাৰোহৰ সামৰণি অনুষ্ঠান
নিয়মীয়া বাৰ্তা ১১ নৱেম্বৰঃ ধেমাজি জিলাৰ জোনাই মহকুমা অন্তৰ্গত মিচিং কৃষ্টি ভৱনৰ প্ৰাংগনত যোৱা ৫ নৱেম্বৰৰ পৰা সাত দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অসমী বাণিজ্য মেলা ও মহিলা সমাৰোহৰ আজি সামৰণি পৰে I অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযান, পোহৰ আদৰ্শ মণ্ডল পৰ্য্যায়ৰ উদ্যোগত আৰু নাৱাৰ্ডৰ অৰ্থ সহযোগত সপ্তাযোৰা কাৰ্যসূচীৰ অসমী বাণিজ্য মেলা ও মহিলা সমাৰোহৰ আজি সামৰণি অনুষ্ঠানত পূৱা ৮ বজাত সমূহিক চাফাই অভিযান পূৱা ৯ বজাত সাংস্কৃতিক অনুষ্ঠানৰ পিছতে পূৱা ১১ বজাত মুকলি সভা অনুষ্ঠিত কৰা হয়৷ যুৱ পেছাদাৰী মুৰ্কংচেলক ব্লকৰ বি এম এম ইউৰ মন্তেষ্কু দলেৰ উদ্দেশ্য ব্যাখ্যা কৰা মুকলি সভাৰ সঞ্চালনা কৰে এল ডি এম ধেমাজিৰ ৰিংকুমনি দাসে৷
অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযানৰ অধীনত থকা প্ৰায় 24 টা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰা মেলা ও সমাৰোহৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি জোনাই মহকুমা আৰক্ষী বিষয়া প্ৰদ্বীপকুমাৰ ডিবেডীয়ে বাণিজ্য মেলাত বিভিন্ন সামগ্ৰী সমুহ নিজ হাতে প্ৰস্তুত কৰি অংশগ্ৰহণ কৰা সকলো আত্মসহায়ক গোটকে মহকুমা ধিপতিগৰাকীয়ে সলাগ লোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁ মহিলাসকলে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীসমুহ বিক্ৰীৰ বাবে অনলাইন ব্যৱসায়ীৰ পোষকতা কৰে I ফ্লিপ কাৰ্ড, এমাজন, স্নেপডিলৰ দৰে প্ৰতিষ্ঠিত এপৰ জৰিয়তে ৰেজিষ্টেচন কৰি থলোৱা মহিলাসকলে উত্পাদন কৰা সামগ্ৰীসমুহ মহিলাসকলে কেনেদৰে বিক্ৰী কৰিব পাৰে তাৰ বাবে জোনাই মহকুমাত প্ৰশাসনে এখন কৰ্মশালা অনুষ্ঠিত কৰিব বুলি জনায় I বিশিষ্ট অতিথি হিচাপে জোনাই গাও পঞ্চায়তৰ সভাপতি জয়ন্ত বৰি, নাৱাৰ্ডৰ লখিমপুৰ জিলা উন্নয়ন প্ৰৱন্ধক অম্লান ৰঞ্জন তামুলী আৰু ধেমাজিৰ সঞ্চালক আৰ এচ চি টি আই পদ্মেশ্ব পাইতে উপস্থিত থাকি মহিলাসকলে ঘৰতে প্ৰস্তুত কৰা খাদ্য, বস্ত্ৰ কে ধৰি বিভিন্ন সামগ্ৰী সমুহৰ প্ৰদৰ্শন ও বিক্ৰীৰ এই মেলা অনুষ্ঠিত কৰা হৈছে৷
মহিলা সকলে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীক লৈ এটা ব্ৰেণ্ড তৈয়াৰ কৰিবলৈ চেষ্টা চলায় উচিত মূল্যত বিক্ৰী কৰি স্বাৱলম্বী আৰু মহিলাসকলে যিকোনো সামগ্ৰী প্ৰস্তুত কৰি কেনেদৰে নিজকে সফল উদ্যোগী ৰূপে গঢ়িব পাৰে তাৰ ওপৰত প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷