নিয়মীয়া বাৰ্তা,৪ জুলাইঃএবাৰ দুবাৰ তিনিবাৰ নহয়৷ একেৰাহে তিনি দশকে বিজেপি দলৰ প্ৰাৰ্থিত্ব বিচাৰি অভিলেখ ৰচিলে চিলাপথাৰৰ এজন ব্যক্তিয়ে ৷ বিগত তিনিটা দশকে অনুষ্ঠিত লোকসভা আৰু বিধান সভাৰ নিৰ্বাচনত দলীয় টিকত বিচাৰিছিল জ্যেষ্ঠ বিজেপি নেতা মাধৱ মুছাহাৰীয়ে৷ পিছে প্ৰতিটো বাৰতে বিমুখ কৰি আহিছে দলীয় নেতৃত্বই৷ তৎসত্বেও নিৰাশ নহৈ সমাগত বিধান সভাৰ নিৰ্বাচনত জোনাই সমষ্টিৰ বাবে বিজেপিৰ টিকত বিচাৰি কালি আকৌ প্ৰদান কৰে আবেদন পত্ৰ ৷ বিজেপিৰ ধেমাজি জিলাৰ সভাপতিৰ হাতত অৰ্পন কৰে আবেদন পত্ৰ৷ উল্লেখযোগ্য যে চিলাপথাৰৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী মাধৱ মুছাহাৰীয়ে ১৯৮২ চন তে বিজেপিত যোগদান কৰে৷ এসময়ত বিজেপিৰ ধেমাজি জিলাৰ সম্পাদক,জোনাই সমষ্টিৰ প্ৰভাৰীৰ লগতে বিভিন্ন বিষয় বাবদ আজি পৰ্যন্ত নিষ্ঠাসহকাৰে দলৰ সেৱা কৰি আহিছে ৷ তদুপৰি তেওঁ চিলাপথাৰ চেম্বাৰ্চ অৱ কমাৰ্চৰ সভাপতি,এবচুৰ প্ৰাক্তন মুখপাত্ৰ,নে’চৰ প্ৰাক্তন সভাপতিৰ দৰে সংগঠন অনুষ্ঠানৰ গুৰুত্বপূৰ্ন পদবীত কাৰ্যনিৰ্বাহ কৰা অভিজ্ঞতাৰে অভিজ্ঞ ৷ মুছাহাৰীয়ে দলৰ অনেক উত্থান পতনৰ মাজতো দল নাবাগৰি বিভিন্ন বাবদ থাকি নিঃস্বাৰ্থভাৱে দলৰ সেৱা আগবঢ়াই আহিছো৷ বিগত সময়চোৱাত বহু বিজেপিৰ নেতাই বিচৰা প্ৰাৰ্থিত্ব নাপাই দলত্যাগ কৰি দলৰ বিৰুদ্ধাচৰণ কৰিছে ৷ কিন্ত বাম্বাবাৰ টিকত বঞ্চিত হোৱাৰ পিছতো সমষ্টিৰ দলীয় কৰ্মী আৰু সাধাৰণ ৰাইজৰ সৈতে থাকি সৰ্বতোপ্ৰকাৰে সহযোগ কৰি দলৰ সাংগঠনিক দিশ টনকীয়াল কৰি আহিছে৷ কোনো গণভিত্তি নথকা জোনাই সমষ্টিটোত দলীয় ভেটী সবল কৰাত বহু ত্যাগ স্বীকাৰ কৰি আহি ছে বুলি সদৰি কৰিছে প্ৰাৰ্থিত্বৰ বাবে সভাপতিৰ হাতত অৰ্পন কৰা আবেদন পত্ৰত প্ৰকাশ৷ বিগত তিনিটা দশকে প্ৰাৰ্থিত্ব বিচাৰি হাহাকাৰ কৰা ব্যৱসায়ীজনক এইবাৰো বিমুখ কৰিব নাই সময়তহে ষ্পষ্ট হ’ব৷