জোনাইত বানাক্ৰান্তলৈ সাহায্য লৈ যোৱা নাওঁ দুৰ্ঘটনা; ১০ জন লোকক জীৱন্তে উদ্ধাৰ এছ ডি আৰ এফ বাহিনীৰ
নিয়মীয়া বাৰ্তা ২৫জুলাইঃ ধেমাজি জিলাৰ জোনাই মহকুমাত আজিও বান পৰিস্থিতি অপৰিবৰ্তিত হয় আছে৷ এনে বানপৰিস্হিতিৰ সময়ত আজি দিনৰ প্ৰায় ৩.০০ বজাত বৰ্নাত্যৰ কাৰনে বানসাৰ্হ্যয লৈ যোৱা এখন ইঞ্জিন চালিত নাঁও দুৰ্ঘটনা সংঘটিত হয়৷ দুৰ্ঘটনাগ্ৰস্ত নাঁওখনত ১৫০ টা বৰ্নাত্য পৰিয়ালৰ বাবে সাহাৰ্য বিতৰণৰ কাৰণে জোনাই অকলেণ্ডৰ পৰা হিন্দুজা গ্ৰুপৰ অশোক লিলেন্ডে বানত জলবন্ধী হৈ থকা বেৰাচাপৰিলৈ গৈ থকা অৱস্থাত এজোপা গছত খুন্দা খাই নাওঁখন দুৰ্ঘটনাত পতিত হয়৷
জানিব পৰা মতে নাওঁখনত বৰ্নাত্যৰ বানসাহাৰ্য বাবে নিয়া নানা সামগ্ৰী আৰু খাদ্য সামগ্ৰীৰ লগতে ১০ গৰাকী বানসাৰ্হ্যয দিবলৈ যোৱা যাত্ৰী আছিল৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে নাওখনত যোৱা ১০ জন যাত্ৰীয়ে গছত ধৰি নিজৰ জীৱন ৰক্ষা কৰে যদিও নাওখনত থকা সকলোবোৰ বানসাৰ্হ্যযৰ সামগ্ৰী নষ্ট হয় যায়৷ লগে লগে জোনাই প্ৰশাসনে মজুত কৰি ৰখা এছ ডি আৰ এফ বাহিনীক জোনাই মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতি প্ৰনৱ টায়েই খবৰ দিয়ে আৰু দুৰ্ঘটনাগ্ৰস্ত নাওখনৰ ১০ জন লোকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷