ব্ৰহ্মপুত্ৰৰ খহনীয়াত নিঃশেষ হোৱাৰ পথত মেচাকি চাপৰিৰ কেবাখনো গাঁও
জোনাই ৰাজহ চক্ৰত পাহাৰীয়া নদী সমূহৰ পানী শুকাইছে যদিও হ্ৰাস পোৱা নাই ব্ৰহ্মপুত্ৰ, লালী নদীৰ জলপৃষ্ঠ
নিয়মীয়া বাৰ্তা, ২৮ জুনঃ জোনাই ৰাজহ চক্ৰৰ ডেপি, দিখাৰী, ডেকা, ডেতাক, চেৰেণ আদি পাহাৰীয়া খৰস্ৰোতা নদী সমূহৰ পানী শুকাইছে যদিও ব্ৰহ্মপুত্ৰ,লালী, বুঢ়ীসূঁতি নদীৰ জলপৃষ্ঠ হ্ৰাস পোৱা নাই । ব্ৰহ্মপুত্ৰ, লালী নদীৰ বাঢ়নী পানীয়ে আজিও জলমগ্ন কৰি পেলাইছে চৰ অঞ্চলৰ মেচাকি চাপৰি, কয়লা আলি অঞ্চলৰ ডেৰকুৰিৰো অধিক গাওঁ। লালী নদীৰ বানত গালি চিকাৰী গাওঁ পঞ্চায়তৰ গালীঘাট অঞ্চলৰ গালি কছাৰী, চিত্ৰনগৰ, মিলননগৰ, মুনিমুনি কুটুম, মাঝিআলি আদি নৈপৰীয়া কৃষি জীৱি গাওঁ সমূহ বুৰ গৈ আছে । ইপিনে লালী, বুঢ়ীসূঁতি নদীৰ বানত বৰং অঞ্চলৰ বৰং আহোম, বৰং মজদুৰ, এৰাসূঁতি, তিনিসূঁতি, মুক্তিয়াৰ আদি কেবাখনো গাওঁ জলমগ্ন হৈ আছে ।
বানপানী তাণ্ডৱৰ সমান্তৰালভাবে ব্ৰহ্মপুত্ৰৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে মেচাকি চাপৰিত । মেচাকি চাপৰিৰ মুকলি পথাৰ গাঁৱৰ কমল দৈমাৰী, পূৰ্ণ নাৰ্জাৰী, ৰতন বড়ো, বলৰাম প্ৰধান, ৰবীন সূত্ৰধৰ, ৰঞ্জিত সূত্ৰধৰ, এ কে বাদুৰ, তিলক সূত্ৰধৰ, অৰুণ সূত্ৰধৰ, দিলিপ বড়োৰ ঘৰভেটি ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়াই তিনিদিনৰ ভিতৰত খহাই নিয়ে। কম দিনৰ ভিতৰতে মেচাকি চাপৰিৰ মিলনপুৰ গাঁৱৰ কনক বৰ্মণ, নাৰু বৰ্মণ, খাকা বৰ্মণ, তুলতুলী বৰ্মণ, আন’ চাপৰি গাঁৱৰ গুৰেশ্বৰ সূত্ৰধৰ, ধীৰেণ সূত্ৰধৰ, লক্ষ্যনাথ পায়েং, মনিকান্ত পেগু, বাপ্পাই পেগু, জীৱন পেগু, নন্দ কুলি, মঙিলাল পেগুৰ ঘৰভেটি ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰাটো নিশ্চিত হৈ পৰিছে ।