নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত ধোঁৱাচাঙত জলজীৱন আঁচনি

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰী : ঘৰে ঘৰে পানীযোগান দিয়াৰ লক্ষ্যৰে আৰম্ভ কৰা জল জীৱন মিছন ধেমাজি জিলাৰ জোনাইত প্ৰহসন হোৱা দেখা গৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ঘৰ ঘৰ নল, ঘৰ ঘৰ জল শ্লোগানক বুঢ়া আঙুলি দেখুৱাই একাংশ ঠিকাদাৰে জোনাইত অতি নিম্নমানেৰে পানী যোগান আঁচনি নিৰ্মাণ কৰাত ৰাইজক পানী যোগান নিদিয়াৰ পূৰ্বেই ঠায়ে ঠায়ে ভাঙি পৰিছে আঁচনিখনৰ পানী যোৱা পাইপ আৰু পানীৰ টেপ আদি।

তাৰ নমুনা দেখা গৈছে জোনাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত জোনাই সদৰৰ জোনাই দৈনিক বজাৰ,কমলপুৰ আদিত নিৰ্মাণ কৰা জলজীৱন আঁচনিত। ৪ -৫ আগতে নিৰ্মাণ কৰা পানী যোগানৰ টেপৰ পৰা এটুপি বিশুদ্ধ খোৱা পানী যোগান দিয়াটো বাদেই, পানী যোগানৰ পূৰ্বেই আঁচনিখনৰ পানী যোৱা পাইপ, পানীৰ টেপ আদি ভাঙি-চিঙি বিধ্বস্ত হল ঠায়ে ঠায়ে। ঠিকাদাৰৰ ব্যাপক দুর্নীতি-অনিয়ম তথা বিভাগীয় কর্তৃপক্ষৰ চৰম হেমাহিৰ বাবেই জোনাইত ধোঁৱাচাঙত উঠিছে জলজীৱন আঁচনি।

চৰকাৰৰ অভিলাষী জলজীৱন আঁচনিক ব্যাপক দুর্নীতি আৰু অনিয়মেৰে অতি নিম্নমানেৰে নিৰ্মাণ কৰা সন্দৰ্ভত উচিত তদন্ত কৰি দোষী ঠিকাদাৰ তথা এই দুৰ্নীতি-অনিয়মত জড়িত বিভাগীয় বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে উচিত শাস্তি বিহিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে ৰাইজে।

প্ৰেৰক কৰবী দলে

You might also like