নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত আশ্ৰয় শিবিৰৰ থকা বানাক্ৰান্ত ৰাইজক উদীয়মান যুৱকৰ এসাজ

নিয়মীয়া বাৰ্তা ২০ জুলাইঃ চিয়াং লালী প্ৰলয়ংকৰী বানত বিধ্বস্ত জোনাই মহকুমাত শতাধিকৰো অধিক গাওঁ৷ জোনাই বেৰাচাপৰি অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক গাঁৱৰ শতাধিক লোক এতিয়া মথাউৰি আৰু মহকুমা প্ৰশাসনে স্থাপন কৰা আশ্ৰয় শিবিৰত আশ্ৰয় লয় আছে৷ ইয়াৰে মহকুমা প্ৰশাসনে স্থাপন কৰা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়, মুৰ্কংচেলেক বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ আৰু ফ্ৰাস্নচিলিয়ান ইংৰাজী বিদ্যালয়ত প্ৰায় ২৫০ জন লোক আজি ১০ দিন ধৰি আশ্ৰয় লয় আছে৷ এই আশ্ৰয় শিবিৰ সমূহত থকা বৰ্নাত্যক আজি জোনাইৰ কেইজনমান উদীয়মান যুৱকে মাংসৰে এসাজ খুৱাই জোনাইৰ কেইজনমান উদীয়মান যুৱকে মাংসৰে এসাজ খুৱাই ৷ জোনাইৰ হোমেন পেগু, দিপাঙ্কৰ কাশ্যপ, গোনকান্ত পেগু, ভাস্কৰ টায়ে আৰু গৌতম পেগু নামৰ উদীয়মান যুৱক কেইজনে নিজ হাতে ৰান্ধি মুৰ্গী মাংসৰে এসাজ বানাক্ৰান্ত লোকক খুৱাই৷ যুৱককেইজন এই প্ৰচেষ্টাক শলাগ লৈছে বানাক্ৰান্ত লোক সকলৰ লগতে জোনাই ৰাইজে৷ আশ্ৰয় শিৱিৰত আশ্ৰয় লোবা ৰাইজে যোৱা ১০ দিনে মাথো দাইল আৰু ভাত খাই থকাত আজি মাংসৰে এসাজ লাভ কৰাত আনন্দিত এই বানাক্ৰান্ত লোকসকল৷

You might also like