নিয়মীয়া বাৰ্তা, ২৩ জুনঃ জোনাই মহকুমাৰ বিভিন্ন অঞ্চলত অনাগত দিনত হ’ব পৰা বাৰিষাৰ সৈতে ইয়াৰ মোকাবিলা কৰিবলৈ মহকুমা প্ৰশাসনে হাতত লোৱা বিভিন্ন প্ৰস্তুতি সম্পৰ্কে অৱগত কৰিবলৈ আজি মহকুমাধিপতি কাৰ্যালয়ত এখন সংবাদ মেলৰ আয়োজন কৰে৷
এই সংবাদমেলত অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত জোনাই মহকুমাধিপতি পাৰ্থপ্ৰতীম বৈৰাগীয়ে জানিব লৈ দিয়ে যে জোনাইত বাৰিষাৰ সৈতে মোকাবিলা কৰিবলৈ মহকুমা প্ৰশাসন সম্পূৰ্ণ সাজু হৈ থকাৰ লগতে সকলো ধৰণৰ বান সাহাৰ্য পৰ্যাপ্ত পৰিমাণৰ মজুত আছে ৷ ইয়াৰ উপৰিও সমগ্র জোনাই মহকুমাটোক ৬ টা কেন্দ্ৰত ভাগ কৰা আৰু প্ৰায় ৪১ টা আশ্ৰয় শিবিৰ সমান্তৰালকৈ বানৰ কৱলত আবদ্ধ হৈ থকা বানাক্ৰান্ত ৰাইজক উদ্ধাৰ কৰিবলৈ এছ ডি আৰ এফ বাহিনীক সাজু কৰি ৰখা বুলিও জানিব লৈ দিয়ে৷
এই সংবাদ মেলতে চিয়াং নদীৰ বানৰ কবলত আবদ্ধ হৈ থকা বেৰাচাপৰি অঞ্চলৰ টাৰি মাজ গাঁও, টাৰি কছাৰি, টাৰি বস্তি, টাৰি বেঙ্গলী, বেৰা নগাঁও, জলডুবি, ৰায় বস্তি, লোহিজান, তাৰি নেপালী , ১ নং টাৰি বস্তি, বেৰা নগাঁও আদি গাঁৱৰ ৩৭২ টা পৰিয়ালক সোমবাৰে ১০০ টা টিৰপালৰ লগতে চাউল দালি আৰু নিমখ বিতৰণ কৰা বুলি জানিবলৈ দিয়ে৷
উল্লেখ্য যে, আজিৰ সংবাদমেলত মহকুমাধিপতিৰ লগতে অতিৰিক্ত আয়ুক্ত ও মহকুমা জনসংযোগ বিষয়া গায়ত্ৰী পাতিৰ আৰু জোনাই ৰাজহ চক্ৰ বিষয়া (সংলগ্ন) নেকিব চৈয়দ বৰুৱা উপস্থিত থাকে৷