জোনাইত চিয়াঙৰ বানত আৱদ্ধ শ শ পৰিয়াল
নিয়মীয়া বাৰ্তা, ২৫ জুনঃ জোনাইত নেৰানেপেৰা দি থকা বৰষুণৰ ফলত বাঢ়ি আহিছে চিয়াং আৰু ইয়াৰ উপনৈ সমূহৰ বাঢ়নী পানী৷ চিয়াং নৈৰ বাঢ়নী পানীত জলমগ্ন হৈ পৰিছে ন ন অঞ্চল৷ জোনাইৰ বেৰা চাপৰি অঞ্চলত বানাক্ৰান্ত মাজত অবৰ্ণনীয় পৰিস্থিতি৷ চিয়াং নদীৰ বানৰ কবলত পৰি যোৱা ৭-৮ দিনে জলবন্ধী হৈ আছে ১৫-১৬ খন গাঁৱৰ শশ পৰিয়াল৷ ঘৰৰ ভিতৰতে এবুকু পানী৷ বৰ্নাত্যই কণ কণ শিশু পৰিয়ালৰ লগতে কুকুৰা ছাগলী, গাহৰি লৈ ঠায়ে ঠায়ে মথাউৰিত আশ্ৰয় লৈ আছে যদিও যিকোনো সময়তে বুৰ যাৱ মথাউৰি সমূহ৷ যাৰ বাবে বুধবাৰে মিছিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাঙৰ নেতৃত্বত এছ ডি আৰ এফ বাহিনীয়ে বেৰা চাপৰি ১ নং টাৰি বস্তি আৰু বেৰা বেঙ্গলীত আৱদ্ধ হৈ থকা ৩৬ পৰিয়ালৰ শিশুসহ ১০১ লোকক উদ্ধাৰ অভিযান চলাই মহকুমাটোৰ সদৰত থকা জোনাই বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত মহকুমা প্ৰশাসনে স্থাপন কৰা আশ্ৰয় শিবিৰত ৰখা হৈছে৷