নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সেউজী ধৰণী ধুনীয়া’ৰ সপোনৰেঃ যোৰহাটৰ উন্নয়নৰ পৰিকল্পনা প্ৰকাশ কৰিলে উপায়ুক্ত অশোক কুমাৰ বৰ্মনে 

নিয়মীয়া বাৰ্তা, ,২০ মে’:— যোৰহাট জিলাৰ উপায়ুক্তৰূপে ১৯ মে’ত কাৰ্যভাৰ গ্ৰহণ কৰা অশোক কুমাৰ বৰ্মনে ।আজি দুপৰীয়া যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত যোৰহাটৰ চপা আৰু বৈদ্যুতিক মাধ্যমৰ সৈতে জড়িত সাংবাদিকসকলৰ সৈতে চিনা-পৰিচয় হয়। অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনে আঁত ধৰা অনুষ্ঠানত উপায়ুক্ত অশোক কুমাৰ বৰ্মনে কয়, যোৰহাট জিলাখন সেউজীকৰণ কৰা হ’ব তাৰবাবে চৰকাৰী আঁচনি বা ধন খৰছ নকৰাকৈ যোৰহাটবাসীৰ সহযোগত ধাৰাবাহিকভাৱে ৰোপণ কৰা হ’ব গছপুলি। এই ক্ষেত্ৰত নব-নিযুক্ত উপায়ুক্তজনক যোৰহাট জিলাত বাস কৰাসকলে নিশ্চঃয় সহযোগিতা আগবঢ়াব বুলি আশা ব্যক্ত কৰে।

উপায়ুক্তজনে জীৱ-জন্তু সংৰক্ষণ,জলাশয় সংৰক্ষণত গুৰুত্ব দিয়াৰ লগতে কৰ্মপটু লোকসকলক সংস্থাপন দিয়াৰ ক্ষেত্ৰত কৃষি ভিত্তিক আঁচনিসমূহ ৰূপায়ণৰ বাবে অধিক গুৰুত্ব দিয়া হ’ব বুলিও ব্যক্ত কৰে। একোটা বিভাগত কৰ্মৰত বিষয়াসকলৰ তত্বাৱধানত একোখনকৈ পালিত আৰু আদৰ্শ গাঁও গঢ়ি তোলাৰো পৰিকল্পনা ব্যক্ত কৰে উপায়ুক্তজনে। অসমত হাঁহ পালন,বাঁহ আৰু ঘাঁহ ৰোপণ কৰিবলৈ যথেষ্ট সুবিধা থকা বুলি উল্লেখ কৰি উপায়ুক্তজনে আগ্ৰহী লোকসকল আগবাঢ়ি আহিলে বিভাগৰ তৰফৰ পৰা পাৰ্যমানে সহায়-সহযোগিতা কৰিব বুলি কয়। । সদৌশেষত উপায়ুক্তজনক ই-মেডিয়াৰ সৈতে জড়িত সাংবাদিকসকলে গামোচা পিন্ধাই আদৰণি জনায় যোৰহাটৰ নতুন উপায়ুক্তগৰাকীক ।

You might also like