দুদিনীয়া কাৰ্যসূচীৰে যোৰহাট কুইজ মহোৎসৱ-৪.০ ৰ আয়োজন
নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ যোৰহাট তথা অসমৰ কুইজীয় প্ৰতিভা ও সম্ভাৱনাক বিকাশ সাধন কৰাৰ লক্ষ্যৰে গঠন হোৱা ”যোৰহাট কুইজ ফ’ৰাম”এ অহা ১৬-১৭ এপ্ৰিল,২০২২ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে চতুৰ্থবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজন কৰিবলৈ আগবাঢ়িছে ‘যোৰহাট কুইজ মহোৎসৱ’। প্ৰথম দিনাৰ কাৰ্যসূচীত বিদ্যালয় কুইজ (দ্বাদশ শ্ৰেণীলৈকে), মুকলি একক লিখিত ক্ৰীড়া কুইজ তথা আন্তঃমহাবিদ্যালয় (স্নাতকোত্তৰ শ্ৰেণীলৈকে) কুইজ থকাৰ বিপৰীতে দ্বিতীয় দিনা অসম আৰু উত্তৰ-পূব বিষয়ক মুকলি কুইজ, সংগীত-মনোৰঞ্জন-সাহিত্য-কলা বিষয়ক মুকলি কুইজ আৰু মুকলি সাধাৰণ কুইজৰ আয়োজন কৰিছে বুলি জানিব পৰা গৈছে। সৰ্বমুঠ ৪০ হাজাৰোধিক টকাৰ আৰ্থিক পুৰস্কাৰ সন্নিৱিষ্ট তথা পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব লগা দুয়োটা দিনৰে প্ৰতিযোগিতা সমূহত কুইজপ্ৰেমী ৰাইজক অংশগ্ৰহণৰ বাবে আয়োজক কমিটীয়ে আমন্ত্ৰণ জনাইছে। লগতে অধিক তথ্যৰ বাবে Jorhat Quiz Forumৰ ফেচবুক পৃষ্ঠা নাইবা ৬২৯৯৫৬২৯১৩ নম্বৰত যোগাযোগ কৰিবলৈ আয়োজক সকলে অনুৰোধ জনাইছে।