নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয়ৰ দৃষ্টিত ৰাষ্ট্র আৰু সমগ্র বিশ্ব মাতৃ

যোৰহাটত তুলসী নাৰায়ণ শর্মা স্মাৰক বত্তৃণতানুষ্ঠানত দিগন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা ১২ নৱেম্বৰঃ বর্তমান সময়ত বিজ্ঞানে ৰাষ্ট্র আৰু সভ্যতাৰ সীমাৰেখা ধূসৰ কৰি তুলিবলৈ সক্ষম হৈছে৷ আৰু সেহ প্রেক্ষাপটতেই এহ কথা স্পষ্ট যে বস্তুগত দৃষ্টিকোণৰ পৰা মানৱ জীৱন বহুলাংশে একে ধৰণৰ হৈ পৰিছে যদিও ৰাষ্ট্রীয়তাবাদ আৰু ধর্ম এতিয়াও মানৱৰ সর্বশ্রেষ্ঠ আদর্শ হিচাপে পৰিগণিত হৈছে৷ এহ মন্তব্য শ্রীৰামকৃষ বিবেকানন্দ শ্রীৰিবন্দ অনুৰাগী সাহিত্য অকাডেমি বঁটাপ্রাপক দিগন্ত বিশ্ব শর্মাৰ৷ ডজনি অসমৰ অন্যতম শিক্ষানুষ্ঠান যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্রতিষ্ঠা কালৰ সম্পাদক তথা শিক্ষাবিদ তুলসী নাৰায়ণ শর্মাৰ পুণ্য স্মৃতিত আয়োজন কৰা সপ্তদশ স্মাৰক বত্তৃণতানুষ্ঠানত ভাষণ প্রদান কৰি দিগন্ত বিশ্ব শর্মাহ আৰু কয় যে ৰাষ্ট্রীয় পৰিসীমাৰ ধাৰণাৰ লগতে ভাৰতবর্ষৰ ৰাষ্ট্রীয়তাবাদ ধাৰণাটো ডল্লেখনীয়ভাৱে পৃথক৷ ‘শ্রীৰবিন্দৰ আলোকত ভাৰতৰ ৰাষ্ট্রদৃষ্টিত এভুমুকি’ শীর্ষক স্মাৰক বত্তৃণতা প্রদান কৰি দিগন্ত বিশ্ব শর্মাহ আৰু কয় যে ভাৰতীয় দৃষ্টিত ৰাষ্ট্র আৰু সমগ্র বিশ্বৰ মাতৃ৷ মাতৃ চৈতন্যময়ী বুলিও তেওঁ অভিহিত কৰে৷

উল্লেখ্য যে ১৯৪৩ চনত তুলসী নাৰায়ণ শর্মাহ ৰচনা কৰা কলকাতাৰ পৰা প্রকাশিত ‘সজ আচৰণ’ শীর্ষক গ্রন্থখন ডন্মোচন কৰে অসম সাহিত্য সভাৰ ডপ–সভাপতি মৃণালিনী দেৱীয়ে৷ ইফালে, বিশিষ্ট শিক্ষাবিদ তুলসী নাৰায়ণ শর্মাৰ পুণ্য স্মৃতিত তেওঁৰ জ্যেষ্ঠ পুত্র ড০ জয়ন্ত মাধৱৰ আর্থিক অনুদানেৰে ১৯৭৯ চনত আৰম্ভ হোৱা তুলসী নাৰায়ণ শর্মা স্মাৰক ন্যাসৰ এই সপ্তদশ স্মাৰক বত্তৃণতানুষ্ঠানটি বন্তি প্রজ্বলন, মহাবিদ্যালয় সংগীত আৰু তুলসী তর্পণ অনুষ্ঠানৰ পিছতে জগন্নাথ বৰুৱা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড০ বিচিত্র কুমাৰ বৰঠাকুৰৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা বত্তৃণতানুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমল বৰাই আদৰণি ভাষণ আগবঢ়ায়৷ উদ্দেশ্য ব্যাখ্যা কৰে ৰাজনীতি বিভাগৰ মুৰব্বী অধ্যাপক শুভাশিস শর্মাই৷ তুলসী নাৰায়ণ শর্মাৰ জীৱনৰ চমু আলোকপাত কৰে তেওঁৰ কনিষ্ঠ কন্যা শকুন্তলা দেৱীয়ে৷ এই অনুষ্ঠানতে ৰাজ্যসভাৰ বর্তমানৰ সাংসদ কামাখ্যা প্রসাদ তাচায়ো চমু বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানটোত ভালেকেহগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে৷

You might also like