বাৰপূজীয়াত সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল জ্যোতিসংগীত কৰ্মশালা
নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিৰাজি নৱ প্ৰজন্মৰ মাজত সজীৱ কৰি ৰখাৰ উদ্দেশ্যে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ বৰদোৱা সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু বাৰপূজীয়া শাখা সাহিত্য সভাৰ সহযোগত অনুষ্ঠিত হোৱা ৮ দিনিয়া জ্যোতি সংগীত কৰ্মশালাৰ আজি সফল সামৰণি পৰে ৷
যোৱা ৬ ফ্ৰেব্ৰুৱাৰীৰ পৰা বাৰপূজীয়া ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হোৱা জ্যোতি সংগীত কৰ্মশালাটিত প্ৰশিক্ষক হিচাপে উপস্থিত থাকি প্ৰশিক্ষাৰ্থীসকলক জ্যোতি সংগীতৰ প্ৰশিক্ষণ প্ৰদান কৰে গুৱাহাটীৰ শিল্পী নিশাৰাণী দাসে ৷
বাৰপূজীয়া অঞ্চলৰ ৪০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰা এই কৰ্মশালাৰ অন্তত আজি এটি সংগীতানুষ্ঠান অনুষ্ঠিত হয় ৷
বাৰপূজীয়া ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জাহাংগীৰ হুছেইনে শুভাৰম্ভ কৰা আৰু বাৰপূজীয়া শাখা সাহিত্য সভাৰ উপ-সভাপতি ডাঃ প্ৰদীপ কুমাৰ ডেকাই আঁত ধৰা এই সংগীতানুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে বৰদোৱা সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক সৌৰভ পানী ফুকন , বৰদোৱা থান পৰিচালনা সমিতিৰ সম্পাদক ইন্দ্ৰ মোহন বৰুৱা , সাংস্কৃতিক কৰ্মী প্ৰশান্ত খাউণ্ড , অধ্যাপিকা তথা গুৱাহাটী অনাতাঁৰ শিল্পী ইন্দ্ৰাণী গগৈ পানীফুকনৰ লগতে অঞ্চলৰ কেইবাগৰাকী প্ৰবীণ শিল্পী উপস্থিত থাকে।