কাজলগাঁৱত ৬টা হাতী দাঁতৰ সৈতে এজনক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰী: চিৰাং জিলাৰ সদৰ কাজলগাঁৱৰ সমীপৱৰ্ত্তী বিলাসপুৰত আজি ৬টা হাতী দাঁতৰ সৈতে এজন চোৰাং কাৰবাৰীক আটক কৰিবলৈ সক্ষম হয়। চিৰাং জিলা বন প্ৰাধিকাৰী ব্ৰহ্মানন্দ পাতিৰিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে আজি পুৱা প্ৰায় ১০ বজাত বন্য প্ৰাণী অপৰাধ নিয়ন্ত্ৰণ সংস্থা (WCCB) আৰু অসম আৰক্ষীয়ে চলোৱা এক যৌথ অভিযানত ঢালিগাঁও থানাৰ অন্তৰ্গত বিলাসপুৰত চিন্টু চৌধুৰী (৪৩) নামৰ ব্যক্তিজনক আটক কৰে। আটক কৰা লোক জনৰ জিম্মাৰ পৰা অভিযানকাৰী দলে ৬ টা হাতী দাঁত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। গুৱাহাটীৰ ভাৰা ঘৰত থাকি বন্য প্ৰাণীৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত ধৃত লোক জনৰ ঘৰ বঙাইগাঁৱত বুলি জানিব পৰা গৈছে। অভিযানৰ সময়ত মূল অপৰাধী তথা বন্য প্ৰাণীৰ চোৰাং চিকাৰী দুজন পলায়ন কৰিবলৈ সক্ষম হয়। পলাতক চোৰাং চিকাৰী দুজনক আটক কৰিবলৈ বন বিভাগে চিৰাং আৰক্ষীৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। জব্দ কৰা হাতী দাঁত কেইটাৰ ওজন ১০.৪৩৫ কিল’গ্ৰাম আৰু বজাৰ মূল্য ৫ লাখৰ অধিক বুলি জিলা বন প্ৰাধিকাৰী পাতিৰিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। উল্লেখ্য যে বৰ্তমানেও চিৰাঙত বহু সংখ্যক চোৰাং চিকাৰী আৰু বন মাফিয়া সক্ৰিয় হৈ আছে। বনজ সম্পদ লুন্ঠনকাৰী চক্ৰটোক অতিশীঘ্ৰে জিলা খনৰ পৰা উৎসাৎ কৰিবলৈ সচেতন ৰাইজে বিটিআৰৰ নৱ গঠিত পৰিষদীয় চৰকাৰ খনক আহ্বান জনাইছে।